সংসাৰ সজোৱাৰ সপোনেৰে শহুৰৰ ঘৰত ভৰি দিছিল নৱবধুৱে৷ কিন্তু ফুলশয্যাক নিশাই তেওঁৰ সৈতে এনে ঘটনা ঘটিব বুলি কল্পনাও কৰিব পৰা নাছিল৷ উত্তৰপ্ৰদেশৰ অযোধ্যা জিলাত ফুলশয্যাৰ নিশাই সদ্য বিবাহিত দম্পত্তিৰ ৰহস্যজনক মৃত্যুৰ খবৰ প্ৰকাশিত হৈছিল৷ এই ঘটনাক লৈ বহুতেই আচৰিতো হৈছিল৷ তাৰপিছতেই আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া৷
কিন্তু এনে কি আছে মৰোণোত্তৰ ৰিপৰ্টত? ৰিপৰ্টত প্ৰকাশ পোৱামতে শেষ মুহূৰ্ত পৰ্যন্ত নিজৰ প্ৰাণ বচাবলৈ অপ্ৰাণ চেষ্টা কৰিছিল নবোৱাৰীগৰাকীয়ে৷ কিন্তু লাভ নহল৷ নিজৰ প্ৰাণ বচাব নোৱাৰিলে ন বোৱাৰীগৰাকীয়ে৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি ৭ মাৰ্চত দিল্লীৰ নিৱাসী শিৱানীৰ সৈতে বিয়াত বহিছিল অযোধ্যাৰ নিবাসী প্ৰদীপ৷ বিবাহৰ পাছৰ দিনাই শহুৰৰঘৰলৈ যাত্ৰা কৰিছিল কইনা শিৱানী৷ ফুলশয্যাৰ নিশা তেওঁলোকৰ মাজত শাৰীৰিক সম্বন্ধও গঢ়ি উঠিছিল৷ কিন্তু ইয়াৰপাছতেই প্ৰদীপে হত্যা কৰে তেওঁৰ নববিবাহিতা পত্নীক৷ পত্নীক হত্যা কৰি নিজেও আত্মহত্যাৰ পথ বাচি লয়৷ মেডিকেল ৰিপৰ্টৰ মতে শিৱানীৰ মৃত্যুৰ ১ ঘণ্টাৰ ভিতৰতেই মৃত্যু হৈছে প্ৰদীপৰো৷
দৈনিক ভাস্কৰৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি শনিবাৰে নিশা দম্পতিৰ মাজত শাৰীৰিক সম্বন্ধ ঘটিছিল৷ তাৰপিছতেই শুই পৰিছিল শিৱানী৷ কিন্তু নিশা প্ৰায় ৩বাজি ৩০ মিনিটত প্ৰদীপে ঘুমন্ত অৱস্থাত পত্নীক হত্যা কৰিবলৈ উদ্যত হয়৷ তাৰপিছতেই ডিঙিত চেপা মাৰি ধৰাত টোপনি ভাঙে শিৱানীৰ৷ শিৱানীৰ মৃত শৰীৰত ডিঙিত পোৱা গৈছে আঘাতৰ চিন৷ যত স্পষ্ট যে প্ৰদীপেই হাতেৰে ডিঙি চেপিছিল শিৱানীৰ৷ বাচিবলৈ চেষ্টা কৰি প্ৰদীপৰ মুখ আৰু বুকুত আঘাত কৰিছিল শিৱানীয়ে৷ সেয়ে নখৰ আঘাত দেখা গৈছে প্ৰদীপৰ মুখমণ্ডল আৰু বুকুত৷
প্ৰদীপৰ হাততো আছিল শিৱানীৰ নখৰ আঁচোৰৰ চিন৷ চিকিৎসকে প্ৰদীপৰ দেহৰ বহু স্থানত এই আঁচোৰৰ চিন পোৱা বুলি জনাইছে৷ ডিঙি চেপি ধৰাৰ বাবেই শিৱানীয়ে মুখেৰে কোনো শব্দ কৰিব নোৱাৰিলে বুলি জনাইছে আৰক্ষীয়ে৷ ইফালে আৰক্ষীয়ে জব্দ কৰিছে শিৱানী আৰু প্ৰদীপৰ মোবাইল ফোন৷ প্ৰদীপৰ মোবাইল ফোনতেই এটা সন্দেহজনক মেছেজ লাভ কৰিছে আৰক্ষীয়ে৷ সেই মেছেজত অচিনাকি এগৰাকীয়ে লিখিছে, কেনে আছা তুমি? মোক এৰি তুমি ঠিক কাম নকৰিলা৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ