৭ জুনৰ পিছত ধ্বংস! বাবা ভাংগাৰ ভৱিষ্যদ্বাণীয়ে কঁপাইছে বিশ্ববাসীক, ভয়ত সকলো
বুলগেৰিয়াৰ বিখ্যাত ভাববাদী বাবা ভাংগাই কৰা ২০২৫ চনৰ ৭ জুন তাৰিখৰ এটা বিশেষ ভৱিষ্যদ্বাণীয়ে এতিয়া শংকাত পেলাইছে বিশ্বাবসীক। বাবা ভাংগাই কৈছিল- ৭ জুনৰ পাছত ধ্বংস। ইতিমধ্যে বহুতেই এই সন্দৰ্ভত কৈছে- মহাকাশ বিজ্ঞানীৰ গতি-বিধি, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী আদি যেন এই ৭ জুনৰ পাছত হব লগা কিহবাৰ ইংগিত।
জ্যোতিষীয়তত্বৰ ফালৰ মতে, মংগল গ্ৰহই ৭ জুন তাৰিখে ৰাশি সলনি কৰিবলৈ গৈ আছে। জ্যোতিষত মংগল গ্ৰহক যুদ্ধ, আগ্ৰাসন, দুৰ্ঘটনা আৰু অগ্নিসংযোগৰ গ্ৰহ বুলি গণ্য কৰা হয়। এতিয়া মংগল গ্ৰহই নিজৰ স্থিতি সলনি কৰি আহিছে, বহুতে ইয়াক আগন্তুক সময়ৰ বাবে এক অশুভ ৰাশি বুলি গণ্য কৰিছে।
এই দিনটোতে গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহ সিংহ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। জ্যোতিষত মংগল গ্ৰহক শক্তি, সাহস, ক্ৰোধ আৰু যুদ্ধৰ কাৰক হিচাপে গণ্য কৰা হয়।
একে সময়তে সিংহ ৰাশি হৈছে নেতৃত্ব, ক্ষমতা আৰু ইগোৰ প্ৰতীক। সিংহ ৰাশিত মংগল গ্ৰহ যেতিয়া ট্ৰেনজিট হয় তেতিয়া বিশ্বৰ ৰাজনীতি আৰু অৰ্থনীতিত ইয়াৰ গভীৰ প্ৰভাৱ পৰিব পাৰে বুলি বিশ্বাস কৰা হয়।
পাছে কি কৈছিল বাবা ভাংগাই! বাবা ভাংগাই কৈছিল যে ২০২৫ চনৰ পিছত পৃথিৱীখন বিভিন্ন মানসিকতাৰে দুটা সভ্যতাত বিভক্ত হ’ব, এটা প্ৰযুক্তিবিদ্যাত নিমগ্ন আৰু আনখন আধ্যাত্মিকতাত হেৰাই যাব।
বাবা ভাংগাই লগতে ইয়াকো কৈছিল যে, ‘তলৰ পৰা ওপৰলৈ উঠি অহা ধোঁৱাই সকলোকে ভয় খুৱাব। নতুন ৰোগৰ সৃষ্টি হ’ব’ । বিশেষজ্ঞসকলৰ মতে ২০২৫ চনৰ জুন মাহৰ পাছত পানী জনিত ভাইৰাছ আৰু ভেঁকুৰে নতুন মহামাৰীৰ সৃষ্টি কৰিব পাৰে।
পাছে আজিৰ দিনত বহু লোকেই ভৱিষ্যদ্বাণীক কেৱল এটা উপাখ্যান বুলি গণ্য কৰি আওকাণ কৰে। কিন্তু, বাবা ভাংগাৰ কিছুমান ভৱিষ্যদ্বাণী ইমানেই সঠিক হৈ পৰিছে যে সেইবোৰক আওকাণ কৰাটো কঠিন। বহু কেইটা ভৱিষ্যদ্বাণী ইতিমধ্যে সঁচা বুলি প্ৰমাণিত হৈছে। এতিয়া ৭ জুন ২০২৫ৰ পিছত বিশ্বত কিছু ডাঙৰ পৰিৱৰ্তনৰ আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















