‘এয়া আমাৰ শেষ বাৰ্তা, কংগ্ৰেছ ত্যাগ কৰা, অন্যথা…’, ভাবুকি লাভ বজৰং পুনিয়াৰ
হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰা মল্লযুঁজাৰু বজৰং পুনিয়াক মৃত্যুৰ ভাবুকি। হোৱাটছএপত যোগে লাভ কৰিছে এই ভাবুকি। কোনো বিদেশী নম্বৰৰ পৰা খেলুৱৈ গৰাকীলৈ এই ভাবুকিভৰা মেছেজ আহিছে। অৱশ্যে বজৰং পুনিয়াই এই সন্দৰ্ভত শোনিপাটৰ বহলগড় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে।
উল্লেখ্য যে, ৬ ছেপ্টেম্বৰ শুকুৰবাৰে টকিঅ’ অলিম্পিকত ব্ৰঞ্জজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াই কংগ্ৰেছত যোগদান কৰিছিল আৰু সেইদিনাই তেওঁক কিষাণ কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষৰো বাব দিয়া হৈছিল। আৰু কংগ্ৰেছক যোগদানৰ মাত্ৰ দুদিন পিছতে বজৰং পুনিয়াক মৃত্যুৰ ভাবুকি দিছে।
কংগ্ৰেছত যোগদান কৰাৰ পিছত বজৰঙে হোৱাটছএপত এটা বিদেশী নম্বৰৰ পৰা এটা মেছেজ পাইছিল, য’ত লিখা আছিল, “বজৰং, কংগ্ৰেছ এৰি যোৱা নহ’লে তোমাৰ আৰু তোমাৰ পৰিয়ালৰ বাবে ভাল নহ’ব। এয়া আমাৰ শেষ বাৰ্তা।”
একে সময়তে বজৰং পুনিয়াই এই ভাবুকি সন্দৰ্ভত শোণিতৰ বহলগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এই সমগ্ৰ বিষয়টো আৰক্ষীয়ে গুৰুত্বসহকাৰে তদন্ত কৰি আছে। আৰক্ষীৰ মুখপাত্ৰ ৰবীন্দ্ৰ সিঙে কয়, ‘বজৰং পুনিয়াই শোনিপাটৰ বহলগড় থানাত এজাহাৰ দাখিল কৰিছে। বাহিৰৰ এটা নম্বৰৰ পৰা তেওঁ মেছেজ পাইছে। এজাহাৰ দাখিলৰ পাছতে আৰক্ষীৰ তদন্ত অব্যাহত আছে।
উল্লেখযোগ্য যে কংগ্ৰেছে বজৰং পুনিয়াক বিধানসভাৰ টিকট নিদিয়াৰ বিপৰীতে হাৰিয়ানা বিধানসভাৰ জুলানা আসনৰ পৰা বিনেশ ফ’গাটক প্ৰক্ষেপ কৰিছে। টিকট নোপোৱাৰ প্ৰশ্নত বজৰং পুনিয়াই কৈছিল যে কেৱল নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাটোৱেই ৰাজনীতি নহয়। ইয়াৰ আগতেও আমি দুয়োজনে কথা পাতিছিলোঁ যে দুয়োৰে এজনে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। বিনেশ ফ’গাটে যুঁজি আছে আৰু মই তাইক সমৰ্থন কৰিছো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ