বেংক একাউণ্টধাৰীৰ বাবে ডাঙৰ খবৰ৷ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কেলেণ্ডাৰ অনুসৰি ২০২৫ চনৰ ছেপ্টেম্বৰত দেশত মুঠ ১৫ দিন বেংকৰ ছুটি থাকিব৷ ছুটিৰ তালিকাৰ মাজত ৯ দিন উৎসৱ আৰু ৬ দিন সাপ্তাহিক ছুটি অন্তৰ্ভুক্ত৷ জানি থওক ২০২৫ চনৰ ছেপ্টেম্বৰৰ ছুটিৰ তালিকা জানি থওক আগতীয়াকৈয়ে৷
ছেপ্টেম্বৰত বেংকৰ ছুটিৰ সম্পূৰ্ণ তালিকা
- ৩ ছেপ্টেম্বৰ ২০২৫ বুধবাৰে কৰম পূজা- ঝাৰখণ্ড বেংক বন্ধ৷
- ৪ ছেপ্টেম্বৰ ২০২৫ বৃহস্পতিবাৰ ওনাম- কেৰালাত ছুটি
- ৫ ছেপ্টেম্বৰ ২০২৫ শুকুৰবাৰে ঈদ এ মিলাদ- কেইবাখনো ৰাজ্যত বন্ধ থাকিব বেংক৷
- ৬ ছেপ্টেম্বৰ ২০২৫ শনিবাৰে ঈদ ই মিলাদ-গেংটক আৰু ৰায়পুৰত বন্ধ থাকিব বেংক৷
- ৭ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ সাপ্তাহিক ছুটি-সমগ্ৰ দেশৰ সকলো বেংক বন্ধ৷
- ১২ ছেপ্টেম্বৰ ২০২৫ শুকুৰবাৰে ঈদ ই মিলাদ কিছু ৰাজ্যত অতিৰিক্ত ছুটি, বিশেষকৈ এই উৎসৱ দুদিনৰ বাবে পালিত হ’ব৷
- ১৩ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ দ্বিতীয় শনিবাৰ ভাৰত জুৰি বেংক বন্ধ৷
- ১৪ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ সাপ্তাহিক ছুটি-সকলো ৰাজ্যৰ বেংক বন্ধ
- ২১ ছেপ্টেম্বৰ ২০২৫ দেওবাৰ সাপ্তাহিক ছুটি সকলো ৰাজ্যৰ বেংক বন্ধ৷
- ২২ ছেপ্টেম্বৰ ২০২৫ সোমবাৰে নৱৰাত্ৰিৰ আৰম্ভণি, ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি জয়পুৰকে ধৰি কেইবাটাও স্থানত স্থানীয় ছুটি৷
- ২৩ ছেপ্টেম্বৰ ২০২৫ মঙলবাৰে মহাৰাজা হৰি সিং জিৰ জন্মদিন, জম্মু আৰু শ্ৰীনগৰত বন্ধ থাকিব বেংক৷
- ২৭ ছেপ্টেম্বৰ ২০২৫ শনিবাৰে চতুৰ্থ শনিবাৰ সমগ্ৰ ভাৰতৰ বেংক বন্ধ৷
- ২৮ ছেপ্টেম্বৰ দেওবাৰ সাপ্তাহিক ছুটি সকলো ৰাজ্যতেই বেংক বন্ধ৷
- ২৯ ছেপ্টেম্বৰ মঙলবাৰ দুৰ্গাপূজাৰ মহাসপ্তমী- পশ্চিমবংগ, ঝাড়খণ্ড, অসম, ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বৰ সকলো বেংকেই বন্ধ৷
ওপৰোক্ত এই তালিকা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ছুটিৰ সময়সূচীৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা আৰু বিভিন্ন ৰাজ্যৰ স্থানীয় ছুটিৰ দিন অনুসৰি পৰিবৰ্তিত হব পাৰে৷
ডিজিটেল বেংকিং পৰিসেৱা সক্ৰিয় থাকিব
গ্ৰাহকে প্ৰয়োজনীয় আৰ্থিক লেনদেনৰ বাবে এটিএম পৰিসেৱা, ইউপিআই, মোবাইল বেংকিং আৰু ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰিব পাৰে৷ যিসমূহ ৰাজ্যৰ বেংক বন্ধ থাকিব সেইসমূহ ৰাজ্যত পূৰ্বেই শাখা পৰিসেৱাৰ ওপৰত নিৰ্ভৰশীল গ্ৰাহকে স্থানীয় ছুটিৰ তালিকা পৰীক্ষা কৰা উচিত অথৱা তেওঁলোকে বেংকলৈ গৈ পূৰ্বেই কামসমূহ সম্পন্ন কৰা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















