কপাল ফুলিল ! বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি তালিকাত অসমৰ উমা ছেত্ৰীৰ নাম
সোমবাৰে বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যৰ কেন্দ্ৰীয় চুক্তিৰ কথা। বিচিচিআইয়ে মহিলা ক্ৰিকেটাৰৰ কেন্দ্ৰীয় চুক্তি তালিকাক তিনিটা ভাগত বিভক্ত কৰিছে। এই তালিকাতে স্থান পাইছে অসমৰ উমা ছেত্ৰীয়ে।
কেন্দ্ৰীয় চুক্তিৰ অন্তৰ্ভুক্ত হোৱা মানে এগৰাকী খেলুৱৈয়ে বি চি চি আইৰ পৰা লাভ কৰিব সকলো সুবিধা। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ সুবিধাও আছে।
আঘাতৰ ক্ষেত্ৰত যিকোনো খেলুৱৈৰ বাবে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী অতি গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত ক্ৰিকেটাৰৰ বীমা কভাৰো হয়। আঘাত পালে বা তেনে কোনো সমস্যা হলে চিকিৎসাৰ সকলো খৰচ বিচিচিআইয়ে বহন কৰে।
এই বিশেষ চুক্তিত পূৰ্বে কেৱল পুৰুষ খেলুৱৈ আছিল এতিয়াৰে পৰা মহিলা খেলুৱৈয়েও লাভ কৰিব এই সকলো সুবিধা। অসমৰ উমা ছেত্ৰীয়ো পাব এতিয়াৰে পৰা বি চি চি আইৰ পৰা বিশেষ সুবিধা।
মুঠ ১৬ গৰাকী মহিলা খেলুৱৈয়ে এই সুবিধা পাইছে। চেন্ট্ৰেল সুবিধা লাভ কৰা মহিলা খেলুৱৈ সকল হৈছে –
এ গ্ৰেড : হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধনা, দীপ্তি শৰ্মা
বি শ্ৰেণী : ৰেনুকা সিং, জেমিমাহ ৰড্ৰিগেছ, ৰিচা ঘোষ, ছেফালী ভাৰ্মা
চি গ্ৰেড : যস্তিকা ভাটিয়া, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, অমনজোত কৌৰ, উমা ছেত্ৰী, স্নেহ ৰাণা, পূজা বস্ত্ৰকাৰ
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এ গ্ৰেডত অন্তৰ্ভুক্ত হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধনা আৰু দীপ্তি শৰ্মাই লাভ কৰিব ৫০ লাখ টকাকৈ। আনহাতে, ৰেনুকা ঠাকুৰ, জেমিমা ৰড্ৰিগেছ, ৰিচা ঘোষ আৰু শ্বেফালী ভাৰ্মাক ৩০ লাখ টকাকৈ দিয়া হ’ব। লগতে চি গ্ৰেডত অন্তৰ্ভুক্ত ৯ জন খেলুৱৈয়ে বছৰি ১০ লাখ টকাকৈ লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ