বৰ্ষাকালত চুলি সৰা সমস্যা বহুতৰে প্ৰধান এক সমস্যা৷ ইয়াৰ সৈতে আকৌ ষ্ট্ৰেচ, দূষণ, বেছি পৰিমাণে ভজা খাদ্য খোৱা আদি অভ্যাসৰ বাবেও চুলি সৰে৷ বহু মানুহেই এতিয়া এই সমস্যাত ভূগি আছে৷ বহুতেই বহুধৰণে চুলি সৰা বন্ধ কৰাৰ বাবে বিভিন্ন চেম্পু, তেল আদিৰ বিজ্ঞাপনো দিয়ে৷ কিন্তু আপুনি ঘৰুৱাভাৱেই এই সমস্যা দূৰ কৰিব পাৰে৷ ঘৰতে থকা সাধাৰণ কিছু সামগ্ৰী ব্যৱহাৰ কৰিয়েই আপুনি চুৰি সৰাৰ সমস্যা কমাই দিব পাৰে৷ কিন্তু ব্যৱহাৰৰ পূৰ্বে সঠিক পদ্ধতি জনাটো খুবেই প্ৰয়োজন৷
পিঁয়াজ চুলিৰ সমস্যাৰ বাবে খুবেই কাৰ্যকৰ এক উপাদান৷ পিঁয়াজৰ ৰস তেলৰ সৈতে মিহলাই চুলিত লগালে চুলিৰ বিভিন্ন সমস্যা দূৰ হয়৷ নতুন চুলি গজা, চুলিৰ গুৰি মজবুত হোৱা, চুলি সৰা বন্ধ কৰা আদিৰ বাবে পিঁয়াজ উপকাৰী৷ পিঁয়াজৰ ৰসত থাকে প্ৰচুৰ পৰিমাণে ছালফাৰ, যিয়ে চুলিৰ স্বাস্থ্য মজবুত কৰে৷ চুলিৰ গঠনো মজবুত কৰে৷ ইয়াৰোপৰি চুলিৰ গুৰিও টান কৰে৷ কেৱল চুলি সৰাৰ সমস্যা দূৰ কৰাই নহয় নতুন চুলি গজোৱাৰ বাবেও পিঁয়াজ খুবেই গুৰুত্বপূৰ্ণ৷ পিঁয়াজে অকালতে চুলি পকা সমস্যাও দূৰ কৰে৷ পিঁয়াজত থকা কিছু নিৰ্দিষ্ট এনজাইমে চুলিৰ অকালপক্কতা দূৰ কৰে৷
পিঁয়াজত পটাছিয়াম, ভিটামিন চি, ভিটামিন বি৬, ফলেটসহ একাধিক উপকাৰী উপাদান আছে৷ ইয়াৰোপৰি আছে এণ্টি অক্সিডেণ্ট৷ এইসমূহৰ সন্মিলিত উপস্থিতিত পিঁয়াজৰ তেলে মূৰৰ ছালৰ জীৱাণু নাশ কৰি খজুৱতি, ছোৰিয়চিচ কমোৱাত সহায় কৰে৷
কেনেকৈ পিঁয়াজৰ তেল ঘৰতে প্ৰস্তুত কৰিব?
এক কাপ পিঁয়াজৰ ৰস আৰু ২ কাপ তেলৰ এক মিশ্ৰণ আপুনি মিহলাই কিছু সময়ৰ বাবে গৰম হবলৈ দিব৷ এইক্ষেত্ৰত আপুনি নাৰিকলৰ তেল, আমণ্ড অইল, কাঠবাদামৰ তেল কিংবা কেষ্টৰ অইলো ব্যৱহাৰ কৰিব পাৰে৷ আপুনি বিচাৰিলে ইয়াত ভিটামিন ই কেপছুলো মিহলাব পাৰে৷ এই মিশ্ৰন চুলিৰ গুৰিৰ পৰা আগ পৰ্যন্ত ভালকৈ লগাই মালিছ কৰিব৷ এক ঘণ্টা তেনেকৈ ৰখাৰ পাছতেই ভালকৈ চুলি ধুই পেলাব৷ নিশা এই তেল লগাই নোথোৱাই ভাল৷ এই তেলৰ গুণত চুলি মাজভাগত চিগি যোৱা, চুলি সৰা সমস্যা কমাৰ ওপৰিও আপোনাৰ নতুনকৈ চুলিও গজিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















