দুদিনমান পূৰ্বে মাদুৰাইস্থিত এটা আইটি কোম্পানীয়ে কৰ্মচাৰীসকললৈ এক আকৰ্ষণীয় প্ৰস্তাৱ আগবঢ়াইছিল৷ প্ৰতিষ্ঠানটোৱে কৰ্মাচাৰীসকলে বিয়া কৰালে বছৰত দুবাৰকৈ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ দিছিল৷
প্ৰতিষ্ঠানটোৰ এই প্ৰস্তাৱে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল৷
এই প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতে এইবাৰ বাংগালুৰুৰ এটা প্ৰতিষ্ঠানে প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীৰ বাবে আন প্ৰতিষ্ঠানে নিদিয়া অন্য এক আকৰ্ষণীয় সুবিধা আগবঢ়াইছে৷
লগতে পঢ়ক ৩৬ জিলাৰ ১১৩ গৰাকী মহিলাক ফোনত হাৰাশাস্তি! ৰঙা ঘৰলৈ গ’ল আদহীয়া ব্যক্তি
বাংগালুৰুস্থিত ৱাকফিট ছ’লিউচন নামৰ প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলক মধ্যাহ্ণ ভোজনৰ পিছতে ৩০ মিনিট সময় টোপনি মাৰিবলৈ সময় দিয়াৰ কথা প্ৰকাশ কৰিছে৷
প্ৰতিষ্ঠানটোৰ মতে এই ৩০ ঘণ্টাৰ টোপনি মৰাৰ সুবিধাই তেওঁলোকৰ কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা অধিক বৃদ্ধি কৰিব৷
প্ৰতিষ্ঠানটোৰ ক’-ফাউণ্ডাৰ চৈতন্য ৰামালিংগেগোড়াই কয় যে সকলো কৰ্মচাৰীলৈকে দিনৰ ২ বজাৰ পৰা ২.৩০ বজালৈ টোপনি মৰাৰ সুবিধা দিয়া হৈছে৷ ইতিমধ্যে কৰ্মচাৰীসকলক মেইল কৰি বিষয়টো অৱগত কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ