শুকুৰবাৰে দুপৰীয়া কি ঘটিছিল?
শুকুৰবাৰে কনফিডেণ্ট গ্ৰুপৰ পৰিচালন সঞ্চালক টি এ জোচেফে চি জে ৰয়ৰ সৈতে বেংগালুৰুৰ লেংফৰ্ড ৰোডৰ কাৰ্যালয়লৈ যায়। ৰয়ে সেইদিনাই আই টি বিষয়াক নিজৰ বক্তব্য দিয়াৰ কথা আছিল। অফিচত উপস্থিত হোৱাৰ পিছতে ৰয় নিজৰ কেবিনলৈ গ’ল।
কিছু সময়ৰ পাছত তেওঁ যোচেফক জনায় যে, তেওঁ মাকৰ সৈতে কিছু কথা পাতিব খোজে। তাৰ পিছতে সংগী যোচেফে কেবিনৰ পৰা ওলাই যায়। যোচেফ ওলাই যোৱাৰ পাছতেই নিৰাপত্তাৰক্ষীয়ে যোচেফক জনাইছিল যে ৰয়ে কাকোৱেই কেবিনত কিছু সময় প্ৰৱেশ নকৰিবলৈ কৈছে৷ কিন্তু বহুদেৰি যেতিয়া কেবিনৰ দুৱাৰ খোল খোৱা নাছিল তেতিয়াই কেবিনত টোকৰ দিছিল যোচেফে৷ কিন্তু দুৱাৰ নুখুলিল৷ পাছত ঘটনা কিছু খেলিমেলি যেন দেখা পায় কেবিনৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে৷
নিৰাপত্তাৰক্ষী আৰু যোচেফে দেখা পায় যে কেবিনৰ ভিতৰত চি জে ৰয় চকীত বহি আছে কিন্তু চাৰ্টত তেজৰ দাগ ৰয় বহা ভাজতে অচেতন হৈ আছে৷ লগে লগে এম্বুলেন্স মতা হ’ল। এম্বুলেন্সেৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷
এই ঘটনাক লৈ কোম্পানীৰ পৰিচালন সঞ্চালক টি এ জোচেফে আৰক্ষীক এখন এজাহাৰ দাখিল কৰি ঘটনাৰ পুংখানুপুংখ তদন্তৰ দাবী জনাইছে। ৰয়ে এই চৰম পদক্ষেপ লোৱাৰ কাৰণ হিচাপে তেওঁ আই টি বিষয়াসকলকো জেৰা কৰিবলৈ আহ্বান জনাইছে৷ বাংগালুৰু আৰক্ষী আয়ুক্ত সীমান্ত কুমাৰ সিঙে জনোৱা মতে, এই ঘটনা সংঘটিত হৈছিল বিয়লি ৩ৰ পৰা ৩:৩০ বজাৰ ভিতৰত এই ঘটনা ঘটিছে। তেওঁ লগতে কয় যে কেৰালাৰ আয়কৰৰ এটা দলে বিগত তিনিদিন ধৰি ৰায়ৰ কাৰ্যালয়ত তালাচী আৰু জেৰা চলাই আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















