অসম লাইভ ২৪ঃ গণৰাজ্য দিৱসৰ পেৰেডৰ যুঁজাৰু বিমানৰ পাইলট হিচাপে প্ৰথমবাৰৰ বাবে নেতৃত্ব ল’ব মহিলা পাইলটে। ভাৰতীয় বায়ুসেনাৰ প্ৰথম ৩ গৰাকী মহিলা পাইলটৰ এইগৰাকী ফ্লাইট লেফটেনেণ্ট ভাৱনা কান্তে ৰচিব ইতিহাস। ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ প্ৰতীকপটত ‘মেক ইন ইণ্ডিয়া’ প্ৰতিফলন ঘটোৱা হ’ব যাৰ নেতৃত্ব ল’ব ভাৱনাই। বায়ুসেনাৰ এই প্ৰতীকপটত লঘু যুঁজাৰু বিমান তেজশ, লঘু হেলিকপ্টাৰ, ৰোহিণী ৰাডাৰ, আকাশ ক্ষেপণাস্ত্ৰ আৰু sukhoi 30 এ কে ৱানৰো আৰ্হি প্ৰদৰ্শন কৰা হ’ব। আনহাতে পেৰেডত নেতৃত্ব লোৱাৰ সুযোগ লাভ কৰাৰ বাবে গৌৰৱান্বিত বুলি জানিবলৈ দিয়ে ফ্লাইট লেফটেনেণ্ট ভাৱনা কান্তে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ