অসম লাইভ ২৪ঃ ভাৰতীয় তিনি সেনা বিভাগৰ মূৰব্বী তথা CDS বিপিন ৰাৱাটৰ মৃত্যুক লৈ দেশৰ প্ৰতিৰক্ষা বিভাগৰ লগতে প্ৰতিজন ভাৰতীৰ বাবে এটা ডাঙৰ ৰহস্য হৈ পৰিছে। ৰাছিয়াৰ পৰা আমদানিকৃত অতি উচ্চ প্ৰযুক্তি কাৰিকৰী কৌশল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা MI-17 হেলিকপ্টাৰখন কেনেকৈ বিনা কাৰণত হঠাৎ আকাশতে জ্বলি উঠিব পাৰে তাক লৈ এটা ডাঙৰ প্ৰশ্নবোধক চিনৰ উদয় হৈছে সৰ্বত্ৰতে।
বিভন্নজনৰ অভিযোগ সন্দেহৰ মাজতে এইবাৰ অতি অভিজ্ঞতাপুষ্ট তথা সুদীৰ্ঘ ৩৫ বছৰ কাল সেনাবাহিনীত সেৱা আগৱঢ়াই ব্ৰিগেডিয়াৰ হিচাপে অৱসৰ গ্ৰহণ কৰা সুধিৰ চাৱান্তে আগৱঢ়ালে ডাঙৰ মন্তব্য। সুধিৰ চাৱান্তৰ মতে তামিলনাডুৰ উগ্ৰপন্থী সংগ্ৰঠন LTTE য়ে ঘন অৰণ্যৰ পৰা ৰকেট লঞ্চাৰে আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।
কিয়নো চাৱান্তে তেওঁ চাকৰিৰ শেষৰ কালছোৱা সেনাবাহিনীত কৰ্মৰত আছিল তামিল নাডুৰ বিভিন্ন অঞ্চলত। আৰু সেই সময়তে যুদ্ধ বিমান আৰু উৰন্ত হেলিকপ্টাৰক আক্ৰমণ কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল উক্ত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোৱে।
যাৰ বাবে LTTE এই উগ্ৰপন্থী সংগঠনে গভীৰ অৰণ্যৰ পৰা ৰকেটৰে CDS বিপিন ৰাৱাট যোৱা হেলিকপ্টাৰত আক্ৰমণৰ সন্দেহ ব্যক্ত কৰিছে। লগতে এই সমগ্ৰ ঘটনাত LTTEক বিশেষ ভাৱে পাকিস্তানৰ আই এছ আইয়ে সহায় কৰাৰ স্পষ্ট মন্তব্য উল্লেখ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ