অসম লাইভ ২৪ঃ ক্ৰমাৎ ত্ৰিপুৰাত তীব্ৰতৰ হৈ পৰিছে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত সংঘাত। ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ যুৱ মর্চাৰ সদস্যক আক্ৰমণ কৰাৰ পাছত ৰাজ্যখনত দেওবাৰে উপস্থিত হয় tmcৰ শীর্ষ নেতা তথা মমতা বেনার্জীৰ ভতিজা অভিষেক বেনার্জী। পিছে আগৰতলাত উপস্থিত হোৱাৰ পাছতে বিজেপিৰ কর্ম-কর্তাৰ প্ৰতিবাদৰ সন্মুখীন নেতাগৰাকী। অভিষেক বেনার্জীক ক’লা পতাকা প্ৰদর্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখযোগ্য যে ত্ৰিপুৰালৈ অহাৰ পূর্বে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক অপেন চেলেঞ্জ কৰিছিল অভিষেক বেনার্জীয়ে। নেতাগৰাকীয়ে কৈছিল ‘যদি পাৰে মোক ৰখাই দেখুৱাক।’ তাৰেই যেন ফল ভুগিলে tmcৰ শীর্ষ নেতাগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ