বলীউড অভিনেতা অক্ষয় কুমাৰৰ ৰাজনীতিত যোগদানৰ কথা প্ৰায়ে চৰ্চিত হয়। অভিনেতাগৰাকী এতিয়া নিজেই প্ৰকাশ কৰিছে ৰাজনীতিত যোগদানৰ কথা।
বলীউডৰ অন্যতম চুপাৰষ্টাৰ অক্ষয় কুমাৰ FITNESSৰ বাবেও চৰ্চাত থাকে লগতে অনুৰাগী সকলকো ফিট থাকিবলৈ অনুপ্ৰাণিত কৰে। অক্ষয় কুমাৰক অনুৰাগীসকলে তেওঁক চলচ্চিত্ৰৰ বাহিৰেও ৰাজনীতিতো চাব বিচাৰে, কিয়নো তেওঁ অনুৰাগীসকলৰ বাবে অনুপ্ৰেৰণা।
এতিয়া অক্ষয় কুমাৰে নিজেই ৰাজনীতিত যোগদান কৰিব নে নকৰে সেই কথা প্ৰকাশ কৰিছে। লণ্ডনৰ পল মলৰ ইনষ্টিটিউট অৱ ডাইৰেক্টৰছত অনুষ্ঠিত ‘হিন্দুজা এণ্ড বলীউড’ৰ কিতাপ উন্মোচন অনুষ্ঠানত অক্ষয় কুমাৰক ৰাজনীতিত যোগদান কৰাৰ বিষয়ে সোধা হৈছিল, তেওঁ চিনেমাৰ জৰিয়তে তেওঁৰ কাম কৰিবলৈ চেষ্টা কৰে বুলি মন্তব্য আগবঢ়াইছিল।
লগতে পঢ়ক ১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?
লগতে তেওঁ কয় যে ‘‘মই চলচ্চিত্ৰ নিৰ্মাণ কৰি বহুত সুখী। এজন অভিনেতা হিচাপে, মই সামাজিক সমস্যা উত্থাপন কৰাৰ বাবে চেষ্টা কৰো। মই বাণিজ্যিক চলচ্চিত্ৰ কৰো, কিন্তু কেতিয়াবা মই সামাজিক সমস্যাৰ সৈতে সম্পৰ্কিত কিছুমান চলচ্চিত্ৰও নিৰ্মাণ কৰো। মই বছৰত ৩-৪ খন চলচ্চিত্ৰ নিৰ্মাণ কৰো। মই প্ৰায় ১৫০ খন চলচ্চিত্ৰ নিৰ্মাণ কৰিছো, কিন্তু মই আটাইতকৈ ভাল পোৱা চলচ্চিত্ৰখন হৈছে ‘ৰক্ষা বন্ধন’।’’
অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি ‘ৰক্ষা বন্ধন’ ১১ আগষ্টত মুক্তি পাব, যিখন আনন্দ এল ৰায়ৰ দ্বাৰা পৰিচালিত। চলচ্চিত্ৰখনত ভাতৃ-ভগ্নীসকলৰ এক সুন্দৰ সম্পৰ্ক দেখুওৱা হৈছে, য’ত প্ৰেমৰ লগতে যথেষ্ট আনন্দময়ী হ’ব।
অক্ষয় কুমাৰ আৰু ভূমি পেডনেকাৰক আকৌ এবাৰ ছবিখনত দেখা যাব। দুয়োজনক আগতে ‘টয়লেট এক প্ৰেম কথা’ বোলছবিখনত একেলগে দেখা গৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ