• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

4 years ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

23 minutes ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

2 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

3 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

3 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

17 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

17 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

18 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

19 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

19 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

21 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

22 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

editor by editor
July 5, 2022
in বিশ্ব, ভাৰত
0
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!
0
SHARES
872
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ২০১৪ চনত দেশৰ প্ৰায় ৪০ শতাংশ হিন্দু লোকৰ সমৰ্থন লাভ কৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে৷ পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হৈছিল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ৷ বিজেপি দল ক্ষমতালৈ অহাৰ লগে লগেই সনাতনী হিন্দু সভ্যতাই বিশ্বৰ মানচিত্ৰত এক নতুন পৰিচয় লাভ কৰে৷

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নীতি আৰু আদৰ্শৰ দ্বাৰা পৰিচালিত হোৱা বিজেপিৰ নেতৃত্বত আৰম্ভ হয় হিন্দুত্ববাদৰ সূত্ৰ৷ আৰু এই সূত্ৰক মূলধন হিচাপে লৈ বিজেপিয়ে ভাৰতত এখনৰ পাছত আনখন ৰাজ্যত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰু ইয়াৰ সমান্তৰালভাৱে দেশত হিন্দুত্ববাদৰ প্ৰচলনো ক্ৰমে ব্যাপক হৈ উঠে৷ বিজেপি আৰু rssৰ সাংগঠনিক তৎপৰতাৰ পৰিণতিত দেশৰ হিন্দু জনতা একত্ৰিত হোৱাৰ প্ৰৱণতাও বিশ্ববাসীয়ে লক্ষ্য কৰে৷ আৰু সাম্প্ৰতিক সময়ত ভাৰতত বিজেপিৰ যি ৰাজনৈতিক আৰু সাংগঠনিক আধিপত্য চলিব লাগিছে তাক লৈ বিশ্বৰ বহু শক্তিধৰ ৰাষ্ট্ৰও যেন আজি শংকিত৷ কিন্তু কিয়?

ভাৰতৰ একত্ৰিত হিন্দুক লৈ মূলত খ্ৰীষ্টিয়ান আৰু ইছলামিক দেশসমূহ অধিক শংকিত হোৱা পৰলক্ষিত হৈছে৷ ১৩০ কোটি জনসংখ্যাৰ দেশখনত হিন্দু লোকৰ সংখ্যা প্ৰায় ১০০ কোটি৷ সেই ১০০ কোটি লোকৰ ৪০ শতাংশৰ ভোটহে বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হোৱা বুলি তথ্য প্ৰকাশ পাইছে৷ এই কথা এতিয়া গোপন হৈ থকা নাই৷ কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে দেশৰ ৮০ শতাংশ হিন্দু লোকৰ সমৰ্থন আদায় কৰিবলৈ পূৰ্ণ প্ৰচেষ্টা চলাব লাগিছে৷ গ্ৰহণ কৰা হৈছে বিভিন্ন আঁচনি৷ আৰু এই আঁচনিসমূহ যদি সফল হয়, তেন্তে পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষত এককভাৱে হিন্দু নেতৃত্বৰ শাসন চলিব৷ ইয়াক লৈ হয়তো শংকিত হৈ উঠিছে অন্য বহু ৰাষ্ট্ৰ৷ তাৰ প্ৰমাণো ক্ৰমাৎ স্পষ্ট হ’বলৈ ধৰিছে৷

লগতে পঢ়ক ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে চৰ্চিত হোৱা বিষয়টো হ’ল হিন্দু বিৰোধী শক্তিৰ তৎপৰতা৷ একে সময়তে একাংশ বৃহৎ পুঁজিপতি গোষ্ঠীৰ পৃষ্ঠপোষকতাত হিন্দু ধর্মবিৰোধী কাম-কাজো আৰম্ভ হোৱা বুলি অভিযোগ উঠিছে৷ বৌদ্ধিক পৰ্যায়ত হিন্দু ধৰ্মৰ আৰাধ্য দেৱ-দেৱীক অপমান কৰাৰ অচিলাৰে হিন্দু মানুহৰ ধৰ্মীয় অনুভূতিকো আঘাত হানিবলৈ চেষ্টা কৰা হৈছে৷ তাৰ তথ্যও বিশ্বৰ ইতিহাসত কম নহয়৷ অতি শেহতীয়াকৈ কানাডাত সংঘটিত এক ঘটনাই ইয়াৰ সত্যতা অধিক স্পষ্ট কৰি তুলিছে৷

কানাডাত স্থায়ীভাৱে বসবাস কৰা লীনা মেনিমেকেলাই নামৰ চলচ্চিত্ৰ পৰিচালক এগৰাকীয়ে ‘কালী’ নামেৰে নিৰ্মাণ কৰিছে এখন তথ্যচিত্ৰ৷ এই তথ্যচিত্ৰত শক্তি আৰু শান্তিৰ আৰাধ্য দেৱী মা-কালীক বিকৃত ৰূপত উপস্থাপন কৰি হিন্দু ধৰ্মক হেয় প্ৰতিপন্ন কৰিবও বিচৰা হৈছে৷ তামিলনাডুৰ নাডুৰাই চহৰত জন্মগ্ৰহণ কৰা মহিলাগৰাকী সম্প্ৰতি কানাডাৰ টৰেণ্ট’ চহৰৰ স্থায়ী বাসিন্দা৷ ইয়াৰ পূৰ্বেও এইগৰাকী মহিলাই হিন্দু ধৰ্মক হেয় প্ৰতিপন্ন কৰিব পৰা তথ্যচিত্ৰ নিৰ্মাণ কৰাৰো অভিযোগ আছে৷ কিন্তু শেহতীয়াভাৱে তেওঁ যি পদক্ষেপ লৈছে তাৰ আঁৰত উন্নত ৰাষ্ট্ৰৰ পুঁজিপতি গোষ্ঠীৰ পৃষ্ঠপোষকতা থকা বুলিও অভিযোগ উঠিছে৷

লগতে পঢ়ক ১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

একে সময়তে কানাডাত বসবাস কৰা হিন্দু ধৰ্মাৱলম্বী লোকেও তীব্ৰ বিৰোধ কৰিছে লীনা মেনিমেকেলাইৰ কৰ্মকাণ্ডক৷ কানাডাত থকা ভাৰতীয় উচ্চায়ুক্তই ‘কালী’ নামৰ চিনেমাখনৰ প্ৰ’ম’চন বন্ধ ৰাখিবলৈ  নিৰ্দেশ দিছে লীনা মেনিমেকেলাইক৷ কিন্তু তাৰ পাছতো এইগৰাকী চিত্ৰ পৰিচালকে বিতৰ্কিত চলচ্চিত্ৰখনৰ প্ৰ’ম’চন বন্ধ কৰা নাছিল৷ আৰু অতি শেহতীয়াভাৱে যোৱা ৪ জুলাইত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ipc-153(a) আৰু ipc-295(a) ধাৰাৰ অধীনত ৰুজু গোচৰ কৰিছে৷ হয়তো আগন্তুক সময়ছোৱাত ভাৰত চৰকাৰে বিতৰ্কিত তথ্যচিত্ৰ প্ৰস্তুত কৰা প্ৰৱাসী ভাৰতীয়গৰাকীক ভাৰতলৈ চমন জাৰি কৰিব পাৰে৷ সেয়া যথাসময়ত স্পষ্ট হৈ উঠিব৷

কিন্তু সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত হিন্দুবিৰোধী শক্তি অধিক সক্ৰিয় হৈ উঠিছে কিয়? ১০০ কোটি হিন্দু লোক একত্ৰিত হ’ব বুলি শংকিত হৈছে নেকি বিশ্বৰ মহা শক্তিধৰ ৰাষ্ট্ৰসমূহ? আৰু সেই শংকাৰ বলি হৈ অতি কৌশলেৰে বিশ্বৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মৰ দেৱ-দেৱীক অপমান কৰাৰ কৌশল ৰচিছে নেকি? যদি সঁচাকৈয়ে ১০০ কোটি একত্ৰিত হিন্দুৰ প্ৰতি বিশ্বৰ শক্তিধৰ ৰাষ্ট্ৰসমূহ চিন্তিত হৈছে, তেন্তে আগন্তুক সময়ছোৱাত বিশ্বৰ ইতিহাসো হয়তো সলনি হ’ব পাৰে৷ তাৰ বাবে অপেক্ষা মাথোঁ সময়ৰ৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssambjphinduHindutwarss
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক
ক্ৰীড়া

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

June 11, 2026
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ
ক্ৰীড়া

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

June 11, 2026
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
Next Post
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.