সময় তেতিয়া ২০০৭ চন। জন আব্ৰাহাম আৰু বিপাশা বসু ভাৰতীয় চিনেমা জগতৰ অন্যতম ‘হট এণ্ড হ্যেপেনিং’ দম্পতী আছিল। সেই সময়ত বিশ্ব ফুটবলৰ ৰাজকুমাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ কাষত ইউৰোপৰ এখন ভৱিষ্যৎ মঞ্চত দেখা গৈছিল ‘বলিউড ডিভা’ বিপাশাক৷ পৰ্তুগালৰ লিছবনত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধি হিচাপে উপস্থিত আছিল অভিনেত্ৰীগৰাকী। কিন্তু সেই অনুষ্ঠানৰ পাছত হঠাৎ এটা খবৰ আৰু কিছুমান ফটো বনজুইৰ দৰে বিয়পি পৰে। সেই ফটোখন হৈছে ৰোনাল্ডো আৰু বিপাশাই ইজনে সিজনৰ ওঁঠত চুম্বন কৰাৰ! বহু চৰ্চাৰ অন্তত অৱশেষত বিপাশাই নিজেই প্ৰকাশ কৰিলে সেই কথা।
এটা পুৰণি সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে সেই নিশাৰ বিশদ বিৱৰণ দি জল্পনা-কল্পনাৰ অন্ত পেলাইছে। বিপাশাই কয় যে মূল অনুষ্ঠান শেষ হোৱাৰ পিছত সকলোৱে একেলগে এটা নাইট ক্লাবলৈ গৈছিল। সেই নিশাৰ পৰিৱেশ কেনেকুৱা আছিল সেই কথা বুজাই দি বিপাশাই কয়, “ক্লাবৰ ভিতৰত বৰ জোৰেৰে সংগীত বাজি আছিল। কাণ বন্ধ কৰা শব্দৰ বাবে মই কাৰো ভালকৈ শুনিব পৰা নাছিলো। সেয়ে তেওঁ মোৰ কাণৰ কাষত কথা কৈছিল, যিটো মানুহে বেলেগ বুলি ভাবিব ধৰিলে।”
মন কৰিবলগীয়া যে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে নিজেই এই হাই-প্ৰফাইল বিতৰ্কৰ বিষয়ে কেতিয়াও ৰাজহুৱাভাৱে কথা কোৱা নাই। কিন্তু এই ঘটনাৰ পিছতে জন আব্ৰাহামৰ সৈতে বিপাশাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক অৱনতি ঘটিবলৈ আৰম্ভ কৰে বুলি উৰাবাতৰি প্ৰকাশ পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















