কাইলৈ অৰ্থাৎ ২২ মাৰ্চৰ পৰা আৰম্ভ আই পি এল৷ তাৰপূৰ্বেই বৃহস্পতিবাৰে পাঞ্জাৱ কিংছৰ ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে৷ সোঁহতীয়া এই লেগ ব্ৰেক বোলাৰে বোম্বে হাই কৰ্টৰ নিৰ্দেশ মানি তেওঁ পত্নী ধনশ্ৰী ভাৰ্মাক ক্ষতিপূৰণ হিচাপে ৪ কোটি ৭৫ লাখ টকা দিবলৈ ৰাজী হৈছে৷ কৰিঅ’গ্ৰাফাৰ ধনশ্ৰীৰ সৈতে যুজবেন্দ্ৰৰ বিয়া হৈছিল ২০২০ চনত৷
বিগত বছৰত তেওঁলোকৰ সম্পৰ্কৰ অৱনতি হয়৷ ছচিয়েল মিডিয়াৰ পৰা দুজনেই নিজৰ একেলগে থকা সমূহ ফটো ডিলিটো কৰিছে৷ ইয়াৰ সৈতে এজনে আনজনক আনফলোও কৰিছে৷ ২০২২ চনৰ পৰা দুয়ো পৃথকে পৃথকেই আছে৷
বিগত ২০ ফেব্ৰুৱাৰীত দুজনেই বিবাহ বিচ্ছেদৰত গোচৰ তৰিছিল৷ হিন্দু বিবাহ আইন অনুসৰি বিবাহ বিচ্ছেদৰ পূৰ্বে ৬মাহ পৃথকে থকাৰ নিয়ম৷ অতীতত দীৰ্ঘদিন পৃথকে থকাটোক আদালতে নধৰে৷ যুজবেন্দ্ৰই এই ছমাহৰ ভিতৰতেই ২ কোটি ৩৭লাখ ৫৫ হাজাৰ টকা ধনশ্ৰীক দিছে৷ কৰ্টৰ নিৰ্দেশত বাকী থকা ধনো দিবলৈ ৰাজি হোৱাত দুয়োৰে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ