এতিয়া বিবাহৰ বতৰ৷ কেৱল অসমতে নহয়, দেশৰ বিভিন্ন প্ৰান্ততো বৈশাখীৰ সময়ছোৱাত বিবাহৰ পয়োভৰ দেখা গৈছে৷ এই বিবাহৰ মাজতে সামাজিক মাধ্যমত বিবাহৰ বিভিন্ন ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে৷
ভাইৰেল হোৱা ভিডিঅ’সমূহত বিবাহস্থলীৰ ভাল লগা মুহূৰ্তৰ লগতে বিভিন্ন ৰঙীয়াল আৰু হাস্যোদ্দীপক দৃশ্যও দেখা গৈছে৷ কিন্তু তাৰ মাজতে এনে ভিডিঅ’ ভাইৰেল হৈছে, যিটো ভিডিঅ’ৱে সমগ্ৰ দেশৰ সংবাদ মাধ্যমতে চৰ্চা লাভ কৰিছে৷
ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে অথিতিৰে পূৰ্ণ এখন বিবাহস্থলী৷ বিবাহ মঞ্চত হাতত বৰমালা লৈ আছে দৰা আৰু কইনাই৷ দৰাই কইনাক বৰমালা পিন্ধোৱাৰ সময়তে ঘটিল এটা অঘটন৷ হঠাতে কইনাই দৰাৰ গালত দুটা পূৰ্ণহতীয়া চৰ শোধাই উপস্থিত অথিতিয়ে তলকিব পৰাৰ পূৰ্বে মঞ্চৰ তললৈ নামি আহে৷
লগতে পঢ়ক গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?
এই ভিডিঅ’টো সামাজিক মাধ্যম টুইটাৰত শ্বেয়াৰ কৰিছে উত্তৰ প্ৰদেশৰ এগৰাকী সাংবাদিক পিয়ুষ ৰাজে৷ সাংবাদিক পিয়ুষ ৰাজে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে ভিডিঅ’টো উত্তৰ প্ৰদেশৰ হামীৰপুৰৰ৷ তেওঁ উল্লেখ কৰা মতে জয়মালা পিন্ধোৱাৰ সময়তে কইনাই দৰাৰ গালত দুটা প্ৰচণ্ড চৰ শোধোৱাৰ কাৰণ হ’ল তেওঁ দৰাক পছন্দ কৰা নাছিল৷
In UP’s Hamirpur, a video of a bride slapping the groom on stage during “jaimal” ceremony on Sunday has surfaced. Details on what triggered this outburst are still sketchy but a relative from groom’s side claims bride “didn’t like” the groom. pic.twitter.com/LjbSKmy0OD
— Piyush Rai (@Benarasiyaa) April 18, 2022
তেওঁ দৰা কইনাৰ পৰিচয় প্ৰকাশ কৰা নাই যদিও সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে কইনাগৰাকীৰ নাম হৈছে ৰীণা৷ ৰীণাই নিজৰ অসন্মতিত ৰবিকান্ত আহিৱাৰৰ সৈতে বিবাহপাশত বহিবলৈ বাধ্য হৈছিল৷ সেয়ে মালা পিন্ধোৱাৰ সময়ত ৰীণাই খঙত একোনাই হৈ দৰাক দুটাকৈ পূৰ্ণহতীয়া চৰ শোধায়৷
লগতে পঢ়ক লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা
ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় আৰক্ষীয়ে বিবাহস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷
ইফালে সামাজিক মাধম্যত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে বিভিন্ন মন্তব্য কৰা দেখা গৈছে৷ এজনে কৈছে যে যুৱতীগৰাকীয়ে চৰ শোধাই ভুল কৰিছে৷ তেওঁৰ এই বিবাহৰ প্ৰতি সন্মতি নাছিল যদি নিজৰ অভিভাৱকক সেয়া বুজাই বিবাহখন বাতিল কৰিব লাগিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ