কথাতে আছে লোভত মৰিল বৰশীৰ মাছ৷ হয় বৰশীত লগাই দিয়া টোপটোৰ লোভতেই মাছে বৰশীত লাগি মৰে৷ এজন লোকৰ অৱস্থাও ঠিক তেনেকুৱাই হ’ল৷ অৰ্থাৎ লোভত পৰি লোকজনে হেৰুওৱালে দ্বিগুণৰো অধিক সাচতীয়া ধন৷
ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কল্যাণ জিলাত৷ আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে ভুক্তভোগী লোকজনৰ ঘৰৰ ঠিকনাত এটা অজ্ঞাত অনলাইন শ্ব’পিং প্ৰতিষ্ঠানৰ পৰা এখন পত্ৰ আহে, য’ত প্ৰতিষ্ঠানটোৱে অনুষ্ঠিত কৰা ভাগ্য পৰীক্ষাত তেওঁ ৭.৫ লাখ টকা নগদ পুৰস্কাৰ লাভ কৰা বুলি কোৱা হয়৷
এইদৰেই ভুক্তভোগী লোকজনে পুৰস্কাৰৰ ধন উলিয়াবলৈ গৈ প্ৰৱঞ্চকৰ জালত ভৰি দিয়ে আৰু ১৬ লাখ টকা তেওঁৰ পৰা প্ৰৱঞ্চকৰ দলটোৱলে সৰকাই নিয়ে৷ ঘটনাটো যোৱা বৰ্ষৰ ডিচেম্বৰতে সংঘটিত হৈছিল৷
লগতে পঢ়ক শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভুক্তভোগী লোকজনলৈ কলকতাৰ পৰা উক্ত পত্ৰখন আহে৷ পত্ৰখনত উল্লেখ থকা অনুসৰি প্ৰতিষ্ঠানটোৱে ১২ বছৰীয়া পুৰ্তি উপলক্ষ্যে এক উপহাৰ খেল অনুষ্ঠিত কৰিছিল আৰু উক্ত খেলতে ভুক্তভোগী লোকজনে ৭.৫ লাখ টকা লাভ কৰা বুলি কোৱা হৈছিল৷ উক্ত পত্ৰখনৰ লগতে এখন স্কেৰ্টছ কাৰ্ডো আছিল৷
‘‘যেতিয়া ভুক্তভোগীয়ে কাৰ্ডখন স্কেৰ্টছ কৰে তেতিয়া ৭.৫ লাখ টকা লাভ কৰা বুলি লিখা পায়৷ ইয়াৰ পিছতে এটা প্ৰাইজ ক’ড লাভ কৰে৷ লাভ কৰা ধনখিনি কেনেকৈ সংগ্ৰহ কৰিব লাগিব সেই বিষয়ে সুধিবলৈ পত্ৰখনত এটা হেল্পলাইন নম্বৰ আছিল৷’’ আৰক্ষীয়ে কয়৷
ভুক্তভোগী লোকজনে হেল্পলাইন নম্বৰটোত কল কৰোতে উত্তৰ প্ৰদেশৰ দয়াশংকৰ মিশ্ৰ নামৰ লোকজনে তেওঁৰ ধনখিনি লাভ কৰাত সহায় কৰিব বুলি কয়৷ এইদৰে লোকজনে ভুক্তভোগীজনক সহায় কৰাৰ নামত বিভিন্ন বেংক একাউণ্টত প্ৰায় ৪৪ বাৰকৈ ধন আদায় লয়৷
লগতে পঢ়ক ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত
এইদৰে ধন দি দি এটা সময়ত ভুক্তভোগী লোকজনে লটাৰী পুৰস্কাৰৰ ধনতকৈ তেওঁ দিয়া ধনৰ পৰিমাণ বেছি হ’বলৈ ধৰিলে৷ ইয়াৰ পিছতো ভুক্তভোগী লোকজনে পুৰস্কাৰৰ ধন লাভ নকৰাত অৱশেষত আৰক্ষীৰ কাষ চাপে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভুক্তভোগী লোকজনে বিভিন্ন বেংক একাউণ্টত ৪৪ বাৰকৈ দিয়া ধনৰ পৰিমাণ হৈছে ১৬ লাখ টকা৷
ইয়াৰ পিছতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ