অসম লাইভ ২৪ঃ ভাৰতৰ ১০ খন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত স্থান লাভ অসমীয়া ছবি ‘ব্ৰীজ’ ৰ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক সংস্থা ‘FIPRESCI’ তালিকাত নিৰ্বাচিত হৈছে ‘ব্ৰীজ’। ২০২০ চনৰ ১০ খন শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ তালিকাত তৃতীয় শ্ৰেষ্ঠ ছবিৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ব্ৰীজে। দেশৰ শীৰ্ষ ছবিৰ তালিকাত ব্ৰীজৰ অন্তৰ্ভুক্তিয়ে আনন্দৰ লহৰ তুলিছে অনুৰাগীসকলৰ মাজত। প্ৰতিবছৰে নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহৰ পৰা শ্ৰেষ্ঠ ছবিৰ তালিকা প্ৰকাশ কৰে ‘FIPRESCI’ য়ে। কৃপাল কলিতাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত ‘ব্ৰীজে’ শেহতীয়াকৈ ১৯ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ লছ এঞ্জেলছ লৈ আমন্ত্ৰন লাভ কৰিছে। চলিত বৰ্ষৰ ২০-২৭ মে’ত অনুষ্ঠিত হ’ব এই মহোৎসৱ। ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে ২৫ টাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অন্তৰ্ভুক্তি লাভ কৰিছে। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ব্ৰীজৰ সম্পাদনা কৰিছে কিশোৰ ডেকাই। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে শিৱাৰাণী কলিতাই আৰু অনিন্দিতা দাস, পাৰ্থ প্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, ৰোহিনী কুমাৰ ডেকাকে ধৰি কেইবাগৰাকীও শিল্পীয়ে অভিনয় কৰিছে ছবিখনত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ