বুধবাৰে ভাৰতৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষ্যে ভাৰত-পাক সীমান্তত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু পাকিস্তান সেনা বাহিনীৰ জোৱানে পৰস্পৰৰ মাজত মিঠাই আদান প্ৰদান কৰে৷
বুধবাৰে পাক-ভাৰতৰ অট্টৰি-ৱাঘা সীমান্তত ভাৰতৰ গণতন্ত্ৰ দিৱস উপলক্ষ্যে পাক সেনাই ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীক মিঠাই প্ৰদান কৰি শুভেচ্ছা প্ৰদান কৰে আৰু ভাৰতীয় জোৱানেও পাকিস্তান সেনা জোৱানৰ হাতত তুলি দিয়ে সুমিষ্ট ভাৰতীয় মিঠাই৷
ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু পাকিস্তান সেনা জোৱানৰ মিঠাই আদান প্ৰদানৰ এই দৃশ্য সংবাদ সংস্থা এনএআইয়ে প্ৰকাশ কৰাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
উল্লেখ্য যে উক্ত সীমান্তত দুই প্ৰতিবেশী দেশৰ জোৱানৰ মাজত এই পৰম্পৰা পূৰ্বেৰ পৰা চলি আহিছিল যদিও কোভিড মহামাৰীৰ বাবে যোৱা দুটা বৰ্ষত বাতিল কৰা হৈছিল৷
ইমানেই নহয়, উক্ত সীমান্তত ঈদৰ সময়ত ভাৰতীয় জোৱানে পাকিস্তানী জোৱানক মিঠাই বিতৰণ কৰাৰ পৰম্পৰাও চলি আহিছিল৷ অৱশ্যে ২০১৯ৰ পৰা কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত যোৱা দুটা ঈদত ভাৰতীয় জোৱানে পাকিস্তানী জোৱানক মিঠাই বিতৰণ কৰিব পৰা নাছিল৷
অৱশ্যে ২০১৬ত ভাৰতে চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে দুয়ো দেশৰ জোৱানৰ মাজত মিঠাই বিতৰণ হোৱা নাছিল৷
ভাৰতৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষ্যে চলিত বছৰত পুনৰ আৰম্ভ হোৱা এই পৰম্পৰাই দুয়োখন দেশৰ জনতাৰ লগতে সেনা জোৱানসকলৰ মাজত ভাতৃত্ববোধ অধিক সুদৃঢ় কৰিব বুলি আশা কৰিছে উক্ত সীমান্ত নিয়োজিত দুয়ো দেশৰ জোৱানসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ