এনে কিছু পৰিবৰ্তন ঘটিব পাৰে যিয়ে আপোনাৰ ব্যক্তিত্বক নতুনকৈ গঢ়ি তুলিব৷ ৰাহুৰ সৈতে বিভিন্ন গ্ৰহৰ সংযোগক সকলো সময়তে ৰাশিচক্ৰত বিশেষ প্ৰভাৱ পৰিব৷ ২০২৬ চনত ফেব্ৰুৱাৰী মাহত ঘটিব তেনে ঘটনা৷ একেলগে চাৰিটা গ্ৰহৰ সৈতে বিস্ফোৰক সংযোগ তৈয়াৰ কৰিছে ৰাহুৱে৷ বুধ, শুক্ৰ, সূৰ্য আৰু মঙ্গলে শনিৰ ৰাশি কুম্ভলৈ গমন কৰিব৷ ৰাহুৱে ইতিমধ্যেই কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ ৰাহুৰ সৈতে এই চাৰিটা গুৰুত্বপূৰ্ণ গ্ৰহৰ সংযোগত কেইবাটাও ৰাশিৰ বাবে ডাঙৰ পৰিবৰ্তন আহিব৷
জ্যোতিষশাস্ত্ৰত ৰাহু ছায়া গ্ৰহ বা মায়া গ্ৰহৰূপে পৰিচিত৷ জাতকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে৷ চাৰিটা গ্ৰহৰ সৈতে ৰাহুৰ সংযোগত কেইবাটাও ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু সম্পৰ্কৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন আহিব৷ প্ৰভাৱিত হ’ব কোন কোন?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ কৰ্মক্ষেত্ৰত হঠাৎ পৰিবৰ্তনৰ ইংগিত আছে৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি থাকিলে হঠাৎ লাভ পাব পাৰে৷ প্ৰেম জীৱনত পৰিবৰ্তন আহিব৷ সম্পৰ্কৰ ক্ষেত্ৰত স্বচ্ছতা বজায় ৰাখিলে ভাল ফল পাব৷ স্বাস্থ্যত প্ৰভাৱ পৰিব৷ ক্লান্তি আৰু বিৰক্তিয়ে দেখা দিব পাৰে৷ জাতকে নিজস্ব চৰ্তত জীৱনযাপন কৰাৰ তীব্ৰ আকাঙ্ক্ষা অনুভৱ কৰিব পাৰে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ কৰ্মজীৱনত পৰিবৰ্তন আহিব৷ নতুন ধাৰণা আৰু নতুন দক্ষতাত পৰিবৰ্তন আনিবলৈ সক্ষম হব৷ একেলগে বহু কাম কৰাৰ চেষ্টাই বিভ্ৰান্তি বঢ়াই তুলিব পাৰে৷ হাতৰ কাম শেষ কৰি নতুন কামত আগবাঢ়ক৷ প্ৰেমৰ ক্ষেত্ৰত যোগাযোগে আপোনাৰ সম্পৰ্কত মধুৰতা আনিব৷ স্নায়ুতন্ত্ৰ ভালে ৰখাৰ বিষয়ে যত্নশীল হওক৷ টোপনিৰ দিশত মনোযোগ দিয়ক৷ এই সময়ত সম্পৰ্কত পুৰণি চিন্তাচৰ্চা এৰি নতুনধৰণে আগুৱাওক৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ অফিচৰ কামত চাপ বাঢ়িব, ই অগ্ৰগতিৰ পথ খুলি দিব৷ প্ৰেমৰ সম্পৰ্কত এইবাৰ আপুনি প্ৰতিশ্ৰুতি দিয়াৰ দৰেই আগুৱাব৷ সম্পৰ্ক হয়তো দৃঢ় হব অন্যথা ভাঙিও যাব পাৰে৷ হৰমনৰ পৰিবৰ্তনে মানসিক চাপ বঢ়াব পাৰে৷ এই সময়ত আপুনি অন্যৰ সুখতকৈ নিজৰ সুখক অগ্ৰাধিকাৰ দিব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ কেৰিয়াৰত বৃহৎ পৰিবৰ্তন সম্ভৱ৷ আপুনি এনে কিছু গুৰুত্বপূৰ্ণ কাম শিকিব যিয়ে আপোনাৰ কেৰিয়াৰত নতুন দিশত পৰিচালিত কৰিব৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত চাহিদা বাঢ়িব পাৰে৷ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে৷ পিঠিত বিষ আৰু লিভাৰৰ সমস্যা সম্পৰ্কে সতৰ্ক থকাটো জৰুৰী৷ নিজৰ জীৱনক নতুন দৃষ্টিকোণৰ পৰা চাবলৈ শিকিব৷
কুম্ভ ৰাশি
কেৰিয়াৰ, পৰিচয় আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহ পুননিৰ্ধাৰিত হব পাৰে৷ ই আপোনাৰ বাবে খুবেই প্ৰভাৱশালী সময় হব৷ প্ৰেম জীৱনত হঠাৎ পৰিবৰ্তন আহিব পাৰে৷ কিছু পুৰণি সম্পৰ্ক ভাঙি যাব পাৰে আৰু নতুনকৈ সম্পৰ্ক গঢ়িও উঠিব পাৰে৷ শৰীৰ-স্বাস্থ্য ভালেই থাকিব৷ মানসিকভাৱে অতিৰিক্ত চাপ অনুভৱ কৰিব পাৰে৷ এই সময়ত জীৱনত এনে কিছু ঘটিব যিয়ে আপোনাক নিজকে ভালপাবলৈ শিকাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















