অসম লাইভ ২৪ঃ ৰাজ্য পাঁচটা সমষ্টিত আজি অনুষ্টিত হৈছে উপ নিৰ্বাচন৷ থাওৰা, মৰিয়নি, গোসাঁইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰত পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী৷ ৭,৯৬,৪৫৬গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ উপ নিৰ্বাচনত ৰাজ্যৰ সবাতোকৈ চৰ্চিত সমষ্টি হ’ল মৰিয়নি। মৰিয়নি সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছ প্ৰাৰ্থী লুহিত কোঁৱৰ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ মাজত চলিব মূল যুঁজ৷ আনহাতে, দীৰ্ঘদিন AIUDFৰ দখলত থকা ভৱানীপুৰ সমষ্টিতো আকৰ্ষণীয় হ’ব নিৰ্বাচনী যুঁজ৷ ইফালে, ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হওতেই বিকল হ’ল EVM মেছিন৷ ১২৮ নং চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত এই ঘটনা। স্থগিত ৰখা হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ