অসম লাইভ ২৪ঃ আপোনাৰ হৃদয় ভাগিছে নেকি? হৃদয় ভঙাৰ বাবে হৈছে নেকি অকলশৰীয়া অনুভৱ? অব্যক্ত কথাবোৰ, হৃদয়ৰ দুখবোৰে আমনি কৰিছে নেকি আপোনাক? তেন্তে আপোনাৰ বাবে আৰু চিন্তা নাই। আপোনাৰ দুখবোৰ পাতলাবৰ বাবে আছে এখন বিশেষ চাহৰ দোকান। এই চাহ দোকানখনৰ নামেই হৈছে ‘দিল টুটা আশিক চাইৱালা’। এই বিশেষ চাহৰ দোকানখন আছে ডেৰাডুনত। অনেকে কয় এই চাহৰ দোকানলৈ গ’লে হৃদয় ভঙাসকলে মনত পায় শান্তি। চাহৰ দোকানখনত দিয়া হয় এখন বিশেষ কাৰ্ড। এই কাৰ্ডখনত বিৰহী প্ৰেমিকে লিখিব পাৰে কাকো ক’ব নোৱাৰা কথাবোৰ। আপুনি হয়তো ভাবিছে এই দোকানখন খোলাৰ আইডিয়া কেনেকৈ আহিল? এই দোকানখনত দুই স্বত্বাধিকাৰী দিব্যাংশু আৰু ৰাহুল বত্তা দুয়োৰে লকডাউনৰ সময়ত হৈছিল ব্ৰেকআপ। সেয়েহে তেওঁলোকে ‘দিল টুটা আশিক চাইৱালা’ নাম দি নিৰ্মাণ কৰি উলিয়ালে এই বিশেষ চাহৰ দোকানখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ