অসম লাইভ ২৪ঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় মূলৰ মহিলা। কমলা হেৰিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি পদত শপত লোৱাৰ কিছুদিনৰ পিছতেই এইবাৰ নাছাৰ শীৰ্ষপদ লাভ কৰিলে অন্য এগৰাকী ভাৰতীয় মূলৰ মহিলাই। নাছাৰ ভাৰপ্ৰাপ্ত chief of staff হ’ল ভাৰতীয় মূলৰ মহিলা ভাব্যা লাল। ইয়াৰ পূৰ্বে ভাব্যা আছিল জ’ বাইডেনৰ transition agencyৰ সক্ৰিয় সদস্য। নাছাৰ এক সূত্ৰ অনুসৰি ভাব্যা লাল অভিযান্ত্ৰিক আৰু মহাকাশ বিজ্ঞান বিষয়ত অভিজ্ঞ। আনহাতে, ভাব্যা নিউক্লিয়েৰ ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰৰ লগতে পাব্লিক এডমিনিষ্ট্ৰেশ্যন বিষয়ত ডক্টৰেট। ইয়াৰ উপৰিও ভাব্যাই sptiত ২০০৫ চনৰ পৰা ২০২০ চনলৈকে এই বিষয়ত শিক্ষকতা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ