ছলমান খানৰ ছবিত পুত্ৰৰ অভিনয় কৰা সেই অভিনেতাই ত্যাগ কৰিলে বলীউড
ছলমান খনৰ অন স্ক্ৰীণ পুত্ৰ এতিয়া বলীউডৰ বাহিৰ। কেইবাখনো ছবিত কাম কৰা সেই শিশু শিল্পী আজি ক’ত কি কৰি আছে কোনেও নাজানে।
কৰিশ্মা কাপুৰ, সুশ্মিতা সেন আদিৰ দৰে তাৰকা খচিত ‘বিবি নম্বৰ ১’ ছবিত ৰিংকু মেহৰা নামেৰে ছলমানৰ পুত্ৰৰ অভিনয় কৰিছিল এটি কনমানিয়ে।
১৯৯৯ চনত দেশৰ চবিগৃহলৈ অহা সেই ছবিখনে বেছ জনপ্ৰিয়তা লাভ কৰিছিল। লগতে জনপ্ৰিয় হৈছিল সেই শিশু শিপ্লীগৰাকীয়ো। যাৰ প্ৰকৃত নাম আছিল মাষ্টৰ শ্বাহৰুখ।
পাছে সেই শিল্পীগৰাকীৰ বিষয়ে এতিয়া কতো কোনো ধৰণৰ খা-খবৰ পোৱা নায়ায়। সামাজিক মাধ্যমতো কোনো ধৰণৰ তথ্য নাই সেই শিল্পীগৰাকীৰ সন্দৰ্ভত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ