কেৱল আলহী বুলি পৰিচয় দিয়াৰ বাবদ এটা নিশাতে লাভ কৰে ৩০-৫০ লাখ টকা
কোনো চিনেমাৰ হিৰো নহয়, নহয় কোনো ষ্টাৰকিড। নাই কোনো গডফাডাৰো। কেৱল সামাজিক মাধ্যমৰ জৰিয়তেই জনপ্ৰিয় হৈ পৰা এগৰাকী লোক। যিয়ে এটা নিশাতে কেৱল এখন ফটো উঠাৰ বাবদে লাভ কৰে মুহ-মাংগী-কিমত।
বলীউডৰ সকলো পাৰ্টীতে দেখা পোৱা যায় এইগৰাকী লোকক। পৰিচিত নাম অৰি, প্ৰকৃত নাম অৰহান আৱত্ৰামণি। সকলোৱে এই অৰিৰ সৈতে উঠিব বিচাৰে এখন হলেও ফটো।
সদ্যহতে আম্বানী পৰিয়ালৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ প্ৰী-বিবাহ অনুষ্ঠানতো সক্ৰিয় ভাৱে দেখা পোৱা গৈছিল অৰিক। সেই অনুষ্ঠানৰ পাছতে এক সাক্ষাতত অৰিয়ে কয়, বহুতেই অৰিক তেওঁলোকৰ অনুষ্ঠানত বিচাৰে।
অৰিক যি কোনো টকাৰ বিনিময়ত তেওঁলোকৰ অনুষ্ঠান সমূহত উপস্থিত থকাতো বিচাৰে লোকসমূহে। কেতিয়াবা যদি দৰা, কেতিয়াবা আকৌ কইনাৰ আলহী নাইবা কেতিয়াবা বন্ধু বুলি চিনাকি দিবলৈ ভাল পায় পৰিয়ালৰ লোক সমূহে।
এইদৰে পৰিয়ালৰ কোনো এজন বুলি চিনাকি দিলে এটা নিশাতে অৰিয়ে লাভ কৰে ৩০ৰ পৰা ৫০ লাখ পৰ্যন্ত টকা। কেৱল আলহী বুলি পৰিচয় দি ফটো উঠি সামাজিক মাধ্যমত দিয়াই সকলোৰে ইচ্ছা। পাছে এই অৰি কোন সেই সন্দৰ্ভত ভালদৰে কোনেও জ্ঞাত নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ