• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

2 months ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

14 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

1 hour ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

6 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

editor by editor
January 31, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
কেতিয়াবা আপুনি ভাৱি চাইছেনে, যদি ঋণ লোৱাৰ পাছত এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া সেই ঋণ বেংকক কোনে পৰিশোধ কৰিব লাগে? ঋণ লৈ মৃত্যু হোৱা ব্যক্তিৰ সন্তানে এই ঋণ পৰিশোধ কৰিব লাগে নেকি? পুত্ৰৰ সঞ্চয়ত প্ৰভাৱ পৰে নেকি এই ঋণৰ বাবে? ভাৰতত এই বিষয়ত স্পষ্ট আইন তৈয়াৰ কৰি থোৱা আছে৷ কিন্তু কিছু লোক বহু সময়ত বিভ্ৰান্ত হয়৷ এক নজৰত জানি থওক সমস্ত বিষয়৷
ভাৰতীয় আইন অনুসৰি সন্তানসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ ঋণ পৰিশোধ কৰাৰ কোনো ব্যক্তিগত দায়িত্ব নাই৷ যদি তেওঁ সেই ঋণৰ বাবে জামিনদাৰ হিচাপে স্বাক্ষৰ কৰা নাই কৰা৷ অৰ্থাৎ কেৱল পুত্ৰ বা কন্যা হলেই পিতৃৰ ঋণ পৰিশোধ কৰিব তাত কোনো বাধ্যবাধকতা নাই৷ যদি মৃত ব্যক্তিৰ কোনো সম্পত্তি বা অৰ্থ বা অন্য সম্পদ আছে সেই সম্পত্তিহে বেংকে হস্তগত কৰে৷ এই পৰিস্থিতিত আইনৰ অধীনত মৃত ব্যক্তিৰ সম্পত্তিৰ পৰা বকেয়া পৰিমাণ আদায় কৰাৰ অধিকাৰ দিয়া হৈছে৷ সম্পত্তি উত্তৰাধিকাৰীসকলৰ মাজত ভাগ কৰাৰ পূৰ্বে বেংকে পাবলগীয়া মূল্য আদায় কৰি লয়৷ এই দায়িত্ব কেৱল উত্তৰাধিকাৰীৰ দ্বাৰা উত্তৰাধিকাৰসূত্ৰে প্ৰাপ্ত সম্পত্তিৰ মূল্যৰ মাজত সীমাবদ্ধ৷ ইয়াৰ বাহিৰে আন কোনো দায়িত্ব উত্তৰাধিকাৰীৰ নাই৷

সন্তানৰ পৰা আদায়ৰ অধিকাৰ নাই

এক উদাহৰণৰ সৈতে চোৱা যাওক সমগ্ৰ বিষয়৷ যদি মৃত ব্যক্তিয়ে ১ লাখ টকা ঋণ লয় আৰু তেওঁৰ সম্পত্তিৰ মূল্য ২ লাখ হয় তেন্তে তেওঁৰ সেই সম্পত্তিৰ পৰা ঋণ পৰিশোধ কৰা হব৷ কিন্তু যদি সম্পত্তিৰ মূল্য ঋণতকৈ কম হয় অৰ্থাৎ ১ লাখতকৈ কম টকাৰ সম্পত্তি থাকে তেন্তে বকেয়া ধণৰ পৰিমাণো মাফ কৰি দিয়া হয়৷ কাৰণ তেওঁৰ সন্তানৰ পৰা সেয়া আদায় কৰাৰ অধিকাৰ আইনত নাই৷ যদি আমি ব্যক্তিগত ঋণ, শিক্ষা, ঋণ বা ক্ৰেডিট কাৰ্ডৰ বকেয়া ঋণৰ কথা কোৱা হয় তেন্তে এইসমূহত কোনো সম্পত্তি বন্ধকত ৰখা নহয়৷ এই পৰিস্থিতিত পাবলগীয়া ধন মৃত ব্যক্তিৰ সম্পত্তিৰ পৰা আদায় কৰা হয়৷ এই সম্পত্তি বেংক একাউণ্ট, ফিক্সড ডিপোজিট, মিউচুৱেল ফাণ্ড, গহনা বা গৰৰ দৰে সামগ্ৰীও হব পাৰে৷ যদি সম্পত্তিৰ মূল্য ঋণ দূৰীকৰণৰ বাবে যথেষ্ট হয় তেন্তে ঋণ পৰিশোধ তাৰপৰাই কৰিব পাৰি৷ কিন্তু যদি কোনো সম্পত্তি নাথাকে বা থকা সম্পত্তিৰ মূল্য ঋণতকৈ কম হয়, তেন্তে উত্তৰাধিকাৰীয়ে নিজৰ টকাৰ পৰা ঋণ পৰিশোধ কৰাৰ প্ৰয়োজন নাই৷
গৃহঋণ আৰু বাহন ঋণৰ মাজত পাৰ্থক্য কি
গৃহঋণ বা বাহন ঋণক সুৰক্ষিত ঋণ বুলি কোৱা হয়৷ এই ক্ষেত্ৰত পৰিস্থিতি কিছু ভিন্ন৷ এই ঋণসমূহ কোনো সম্পত্তিৰ বিপৰীতে লোৱা হয়৷ যেনে ঘৰ বা বাহন মডগেজ দিয়া হয়৷ যদি ঋণগ্ৰহীতাৰ মৃত্যু হয় তেতিয়া এই ঋণৰ বাবে বেংকে সম্পত্তি বাজেয়াপ্ত কৰে আৰু তাৰপৰাই অৰ্থ আদায় কৰে৷ যদি উত্তৰাধিকাৰীয়ে সেই সম্পত্তি ৰাখিব খোজে তেন্তে তেওঁলোকে ঋণটো নিজৰ নামত স্থানান্তৰ কৰি এই অৱশিষ্ট অৰ্থ পৰিশোধ কৰিব লাগে৷ বেংক ঋণ স্থানান্তৰ কৰিব পৰা যাবনে সেই সিদ্ধান্ত উত্তৰাধিকাৰীৰ আৰ্থিক অৱস্থা আৰু ক্ৰেডিট স্কোৰ চাইহে সিদ্ধান্ত লোৱা হয়৷ যদি উত্তৰাধিকাৰীৰ ঋণ লবপৰাকৈ আৰ্থিক অৱস্থা উন্নীত  নহয় তেন্তে বেংকে মৃত ব্যক্তিৰ নামৰ সম্পত্তি বাজেয়াপ্ত কৰে৷
উত্তৰাধিকাৰী যদি গেৰেণ্টাৰ হয় কি হব?
যদি কোনো উত্তৰাধিকাৰী সহ ঋণগ্ৰহীতা বা গেৰেণ্টাৰ হয় তেন্তে তেওঁ পুৰণি ঋণ পৰিশোধ কৰিব লাগিব৷ সহ ঋণগ্ৰহীতা বা গেৰেণ্টাৰ হোৱাৰ অৰ্থ হৈছে আৰম্ভণিৰে পৰাই ঋণৰ দায়িত্ব তেওঁ গ্ৰহণ কৰিছে৷ এই পৰিস্থিতিত যদি প্ৰধান ঋণগ্ৰহীতাৰ মৃত্যু হয় তেতিয়া সমস্ত দায়িত্ব সহ ঋণগ্ৰহীতা বা জামিনদাৰৰ ওপৰত বৰ্তি থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

March 17, 2026
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ
জীৱনশৈলী

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

March 17, 2026
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

March 17, 2026
Next Post
কেনে হ’ব এই বছৰৰ বাজেট? কি ইংগিত দিছে জ্যোতিষশাস্ত্রই?

কেনে হ’ব এই বছৰৰ বাজেট? কি ইংগিত দিছে জ্যোতিষশাস্ত্রই?

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.