সৰুতেই পিতৃ মাতৃৰ বিবাহবিচ্ছেদৰ সাক্ষী যিসকল হৈছে তেওঁলোকৰ মাজত ষ্ট্ৰোকৰ আশংকা বেছি বুলি এক গৱেষণাত প্ৰকাশ পাইছে তথ্য। বিজ্ঞানীৰ দাবী, বয়স ১৮ হোৱাৰ পূৰ্বে যিসকলে পিতৃ-মাতৃৰ বিবাহবিচ্ছেদৰ সাক্ষী হৈছে তেওঁলোকে পৰবৰ্তী জীৱনত ষ্ট্ৰোকত আক্ৰান্ত হব পাৰে। তেওঁলোকৰ ষ্ট্ৰোকৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৬০শতাংশতকৈ বেছি। প্লাছ ৱান জাৰ্নেলৰ গৱেষণাপত্ৰত প্ৰকাশ পাইছে তথ্য।
৬৫বা তাতোকৈ বেছি বছৰৰ প্ৰায় ১৩০০০ মানুহক লৈ গৱেষণা চলাইছে বিজ্ঞানীয়ে। তাত দেখা গৈছে যে বয়স ১৮ হোৱাৰ পূৰ্বে যিসকলৰ পিতৃ-মাতৃৰ বিবাহবিচ্ছেদ ঘটিছিল তেওঁলোকৰ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ আশংকা অন্যসকলৰ তুলনাত ৬০শতাংশতকৈ বেছি। ইয়াৰ পূৰ্বে অৱসাদ, ডায়বেটিছ, সামাজিকভাৱে বিচ্ছিন্ন হৈ পৰাক ষ্ট্ৰোকৰ কাৰণ হিচাপে চিহ্নিত কৰিছিল বিজ্ঞানীয়ে। সৰুতে পোৱা ট্ৰমা বা আঘাত, মাতৃ-পিতৃৰ সম্পৰ্কৰ খেলিমেলিয়ে শিশু মনত মানসিক চাপ পেলোৱা বিষয়টোও ষ্ট্ৰোকৰ কাৰণ হিচাপে চিহ্নিত কৰা হৈছে।
মস্তিষ্কৰ কিছু অংশত তেজৰ সৰবৰাহ বন্ধ হৈ গলে অথৱা মস্তিষ্কৰ কোনো অংশৰ ৰক্তনলী ফাটি গলে ষ্ট্ৰোক হয়। যি কোনো কাৰণতেই নহওক কিয়, ষ্ট্ৰোক হলে মস্তিষ্ক ক্ষতিগ্ৰস্থ হয় আৰু তাৰ পৰা মৃত্যু পৰ্যন্ত হব পাৰে। ষ্ট্ৰোকৰ পাছতেই মস্তিষ্কৰ দীৰ্ঘম্যাদি ক্ষতিও হয়। ইয়াৰ ফলত শাৰীৰিকভাৱে অক্ষমো হৈ পৰে একোজন ব্যক্তি। আৰু বহুতৰে মৃত্যু পৰ্যন্ত হব পাৰে।
এই বিষয়ক নৈ ইউনিভাৰ্ছিটি অফ টৰণ্টোৰ গৱেষক এছ মি ফুলাৰ টমছনে কয়, যি সমস্ত প্ৰাপ্তবয়স্ক বিবাহবিচ্ছিন্ন পিতৃ মাতৃৰ সান্নিধ্যত ডাঙৰ হৈছে তেওঁলোকৰ মাজত ষ্ট্ৰোকৰ আশংকা ৬০শতাংশতকৈ বেছি। সৰুতে যিসকলে শাৰীৰিক নিৰ্যাতন বা যৌন নিৰ্যাতনৰ স্বীকাৰ হৈছে তেওঁলোকৰ মাজতো ষ্ট্ৰোকৰ আশংকা বেছি।
গৱেষক এছমিৰ মতে ডায়বেটিছৰ দৰে অন্য কাৰণসমূহৰ দৰে পিতৃ মাতৃৰ বিচ্ছেদৰ সাক্ষী হোৱাৰ অভিজ্ঞতাও ষ্ট্ৰোকৰ অন্যতম নেপথ্য কাৰণ। ষ্ট্ৰোকৰ উপসৰ্গসমূহো দাঙি ধৰিছে বিজ্ঞানীগৰাকীয়ে।
১. হঠাৎ মুখ, হাত, ভৰি বা শৰীৰৰ এফাল অসাৰ হৈ গলে অথবা দুৰ্বল অনুভৱ কৰা।
২. হঠাৎ যদি বিভ্ৰান্ত হৈ পৰে, কথা কোৱাত সমস্যা হয় তেতিয়াও বুজিব এয়া ষ্ট্ৰোকৰ জাননী।
৩. হঠাৎ যদি চকু টিপিয়াবলৈ অসুবিধা হয় বা চকু স্থবিৰ হৈ পৰে।
৪. খোজ কাঢ়িবলৈ গৈ হঠাৎ মূৰ ঘূৰাই যোৱা, বেলেন্স ৰাখিব নোৱৰা।
৫. কোনো কাৰণ অবিহনেই তীব্ৰ মূৰৰ বিষ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ