অসম লাইভ ২৪ঃ ড০ বাণীকান্ত কাকতি বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত উল্লেখ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে এতিয়া আৰু তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সাজু হ’ব নালাগে। ইয়াতকৈয়ো আগুৱাই যোৱাৰহে পৰিকল্পনা কৰক বুলি ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।
‘অমৃত মহোৎসৱৰ এই অমৃত কালৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকল অমৃত সন্তান। দেশ আৰু বিশ্বজয় কৰিব লাগিব আজিৰ প্ৰজন্মই।’ খানাপাৰাৰ অসম পশু চিকিত্সা মহাবিদ্যালয় খেলপথাৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীক স্কুটী বিতৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে লগতে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰা ‘৫ প্ৰাণ’ক স্মৰণ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনাই কয়, ‘নতুন দিনৰ প্ৰযুক্তিৰ চিন্তাৰে আমি আগবাঢ়িব নোৱাৰিলে কাৰো লগত ফেৰ মাৰিব নোৱাৰিম। এয়া ব্যৱহাৰ কৰি নতুন দিনৰ, নতুন পৃথিৱীৰ বাবে কাম কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলে।’
মুখ্যমন্ত্ৰীয়ে ড০ বাণীকান্ত কাকতি বঁটা ৰূপে প্ৰদান কৰা স্কুটী লাভ কৰা ৩৫,৮০০ ছাত্ৰ-ছাত্ৰীক আটাইতকৈ মেধাসম্পন্ন বুলি উল্লেখ কৰি মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে তৃতীয়-চতুৰ্থ বিভাগৰ চাকৰিৰ অপেক্ষাত থকাৰ পৰিৱৰ্তে নিজৰ মেধাক এক দিশ দিয়াৰো আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ