অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰিছিল, পাছে পেকেট খোলাৰ পূৰ্বেই পেকেটৰ পৰা ওলাই আহিল ভয়ংকৰ..ভিডিঅ’ ভাইৰেল
অনলাইন শ্বপিং এপ এমাজ’ন (Amazon) ৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে তেন্তে সাৱধান হওক। এটা এনে ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, যিটো চাই আপোনাৰো উশাহ বন্ধ হৈ যাব। অৰ্ডাৰ কৰা পেকেট খোলৰ পূৰ্বেই পেকেটৰ পৰা এলাই আহিল এবিধ এনে , যি দেখি চক খাই গ’ল সামগ্ৰী অৰ্ডাৰ কৰোতা।
এমাজনৰ পৰা অৰ্ডাৰ বাকচৰ পৰা ওলাই আহিল সাপ। তাকো এডাল জীৱিত সাপ। পেকেট খোলাৰ পূৰ্বেই সাপে মূৰ উলিয়াই দিয়ে। যি সময়তে ভিডিঅ’ কৰি ৰাখেো সামগ্ৰী অৰ্ডাৰ কৰোতা। লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে সেই ভিডিঅ’ ।
বেংগালুৰুৰ এহাল দম্পতীয়ে এমাজনৰ পৰা সামগ্ৰী অৰ্ডাৰ কৰিছিল আৰু অৰ্ডাৰ অহাৰ পাছতে তেওঁলোকে বাকচটো খুলিবলৈ ধৰে। কিন্তু খোলাৰ পূৰ্বেই পেকেটোৰ পৰা এডাল কোব্ৰা সাপ ওলাই আহে।
দম্পতীহালে ভিডিঅ’ কৰি ৰাখি সামাজিক মাধ্যমত দিয়াৰ লগতে কোম্পানীটোৰ ওচৰতো অভিযোগ দাখিল কৰে। এই বিষয়ে জানিব পৰাৰ লগে লগে আৰু ভিডিঅ’টো চোৱাৰ পাছত কোম্পানীৰ মানুহো আচৰিত হৈ পৰে।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বেংগালুৰুৰ সৰ্জাপুৰ ৰোডত বাস কৰা এজন চফটৱেৰ ইঞ্জিনিয়াৰে এমাজনৰ অনলাইন শ্বপিং এপৰপৰা এক্সবক্স কন্ট্ৰ’লাৰ অৰ্ডাৰ কৰা বুলি কয় যদিও অৰ্ডাৰ বক্স আহি পোৱাত তেওঁ খুলিবলৈ আৰম্ভ কৰাৰ লগে লগে তাৰ ভিতৰৰ পৰা এডাল কোব্ৰা সাপ ওলাই আহে।
সৌভাগ্যৰ কথা যে, অৰ্ডাৰ বক্সটো খুলি থাকোঁতে ইয়াৰ এটা ভিডিঅ’ বনাই আছিল দম্পতীহালে, যাতে বাকচৰ পৰা কেনে সামগ্ৰী ওলাই সেয়া ভিডিঅ’ কৰি ৰাখিব পাৰে। যাৰ ফলতেই সাপডাল ভিডিঅ’ত স্পষ্ট ৰূপত দেখা পোৱা যায়।
https://x.com/aajtak/status/1803115591269490847
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ