আজিকালি সকলোৰে এটা প্ৰধান সমস্যা হৈছে কম বয়সতে চুলি পকা।
এবাৰ চুলি পকিলে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই! আপুনিও সেই সমস্যাত ভুগিছে নেকি? যদি ভুগিছে এই ঘৰুৱা উপায়েৰে দূৰ কৰক সমস্যা।
আপোনাৰ পাকঘৰতে আছে ইয়াৰ সমাধান।
লগতে পঢ়ক হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?
বজাৰৰ পৰা বিভিন্ন ৰাসায়নিকযুক্ত ৰং বা হেনা ব্যৱহাৰ কৰাৰ পূৰ্বে এই উপায় অৱলম্বন কৰি চাব পাৰে।
এমুঠি মেথি গৰম নাৰিকলৰ তেল বা আলমণ্ড অইলত ১৫ মিনিট গৰম কৰক। তাৰ পিছত চেকি লওক। গৰম তেল অলপ ঠাণ্ডা হ’লে চুলিৰ গুৰিত মালিচ কৰক। ভাল ফল পাবলৈ চুলিত তেল লগাই শুব পাৰে। পিছদিনা পুৱা উঠি চেম্পু কৰক।
কিন্তু যিসকলৰ অইলী স্কিনৰ সমস্যা আছে তেওঁলোকে এই তেল দুঘণ্টা ৰাখিয়ে চেম্পু কৰক।
কিন্তু, পকা চুলিৰ সমস্যাৰ পৰা বাচিবলৈ ভিতৰৰ পৰা সুস্থ থকাটো প্ৰয়োজন। লিভাৰ সুস্থ ৰাখক। পেটৰ কোনো সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ