অসম লাইভ ২৪ঃ ৰাজস্থানৰ পাছত এইবাৰ চৰ্চাত দিচাং ৰিজ’ৰ্ট। হৰ্ছ ট্ৰেডিঙ ৰোধৰ বাবে দিচাং ৰিজ’ৰ্টত নজৰবন্দী মহাজোঁটৰ প্ৰাৰ্থীৰ। দিচাং ৰিজ’ৰ্টৰ এটা সম্পূৰ্ণ বিল্ডিং বুক কৰি বাহৰ পাতিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থীয়ে। আজিৰে পৰা ২ মে’ৰ ফলাফল পৰ্যন্ত দিচাং ৰিজ’ৰ্টত থাকিব প্ৰাৰ্থীসকল। দিচাং ৰিজ’ৰ্টত উপস্থিত হৈ দেৱব্ৰত শইকীয়াই ক’লে, ‘ বেমাৰ নহবলৈ প্ৰতিষেধকৰ ব্যৱস্থা কৰিছো আমি’। দিচাং ৰিজৰ্টত মহাজোঁটৰ প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত বিল্ডিংটো কাপোৰেৰে বেৰি ৰখাৰ লগতে গেটত লগোৱা হৈছে তলা। প্ৰাৰ্থীসকলৰ বাদে অন্য কোনো অতিথি প্ৰৱেশ কৰিব নোৱাৰিব বিল্ডিংটোত। প্ৰাৰ্থীসকলৰ শুশ্ৰূষাৰ বাবে কংগ্ৰেছে নিজেই নিয়োগ কৰিছে ছাৰ্ভিচ বয়। ৰিজ’ৰ্টত উপস্থিত হোৱা কংগ্ৰেছ প্ৰাৰ্থীয়ে ক’লে- ‘আমাৰ বাবে বিনোদনৰ ব্যৱস্থাও কৰা হৈছে’। জানিব পৰা মতে, প্ৰাৰ্থীসকলৰ মনোৰঞ্জনৰ বাবে ভলীবল আৰু টেনিছ ক’ৰ্টৰো ব্যৱস্থা কৰিছে ৰিজ’ৰ্ট কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ