অসম লাইভ২৪ঃ তেওঁ গতি ভালপাইছিল। কিন্তু সেই গতিয়েই প্ৰাণ কাঢ়িলে তেওঁৰ। ৰাজ্যিক মটৰচাইকেল ৰেছিং চেম্পিয়নশ্বিপত দুৰ্ঘটনাত মৃত্যু হৈছে ১৩বছৰীয়া কোপাৰাম শ্ৰেয়ছ হৰিশৰ। শনিবাৰে মাদ্ৰাছা ইণ্টাৰনেশ্ব্যনেল চাৰ্কিটক আয়োজন কৰা ৰেছিং প্ৰতিযোগীতাতেই দুৰ্ঘটনাত পতিত হৈছিল শ্ৰেয়ছ। তৃতীয় ৰাউণ্ডৰ প্ৰতিযোগিতাৰ আৰম্ভণিৰ কিছুসময় পাছতেই দুৰ্ঘটনাটো ঘটে। যাত্ৰা আৰম্ভ কৰাৰ কিছুসময় পাছতেই হৰিশৰ বাইকৰ চকা পিছলি যায়। বাইকৰ পৰা চিটিকি পৰে শ্ৰেয়ছ। বাগৰি পৰোতে শ্ৰেয়ছৰ মূৰৰ পৰা হেলমেটটো খুলি পৰে। তেওঁৰ পিছে পিছে আহি থকা বাইকখনেও নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰেয়ছৰ ওপৰেৰে পাৰ হৈ যায়।
লগে লগেই ৰখাই দিয়া হয় বিশেষ প্ৰতিযোগিতাখন। শ্ৰেয়ছক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে শ্ৰেয়ছক মৃত ঘোষণা কৰে। সেই প্ৰতিযোগিতাত পুত্ৰৰ ৰেচ চাবলৈ গৈছিল তেওঁৰ পিতৃ কোপ্পাৰাম হৰিশেও। এই ঘটনাৰ পাছতেই মাদ্ৰাজ ইণ্টাৰনেশ্ব্যনেল সাৰ্কিট কৰ্তৃপক্ষই শনিবাৰ আৰু দেওবাৰে থকা সমূহ প্ৰতিযোগিতা বাতিল কৰি দিয়ে। সংগঠনৰ সভাপতি অজিত থমাছে এই সন্দৰ্ভত দিয়া বিবৃত্তিত উল্লেখ কৰিছে, ‘এই ঘটনা খুবেই মৰ্মান্তিক। আমি এজন প্ৰতিভাৱান বাইক ৰেচাৰক হেৰুৱালো। শ্ৰেয়ছ আৰু নাই সেই কথা ভাৱিবলৈ আমাৰ কষ্ট হৈছে। কেইবাটাও প্ৰতিযোগিতাত শ্ৰেয়ছে নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। শ্ৰেয়ছৰ মৃত্যু সকলোৰে বাবেই বৃহৎ ক্ষতি।’
সপ্তম শ্ৰেণীৰ ছাত্ৰ শ্ৰেয়ছে চলিত মাহতেই ১৩ বছৰত ভৰি দিছিল। ৰাজ্যিক স্তৰৰ একাধিক প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰি সকলোৰে নজৰ কাঢ়িছিল শ্ৰেয়ছে। ২০২১ চনত প্ৰথম বাইক ৰেচিং প্ৰতিযোগিতাত নামিছিল শ্ৰেয়ছ। বিগত মে’ মাহত স্পেইনত অনুষ্ঠিত মিনি গ্ৰাঁপ্ৰিতত অংশগ্ৰহণ কৰিছিল শ্ৰেয়ছে। এইবাৰ আগষ্টতো এটা ইণ্টাৰনেশ্ব্যনেল প্ৰতিযোগিতাত মালয়েছিয়ালৈকো যোৱাৰ কথা আছিল শ্ৰেয়ছৰ। শ্ৰেয়ছে বাইক ৰেচিঙত অংশ লৈ থাকিলেও কিন্তু আমাৰ দেশত ১৮ বছৰৰ পূৰ্বে গাড়ী চলোৱাৰ লাইচেন্স দিয়া নহয়। শ্ৰেয়ছেও সেয়ে বহুকেইটা নিয়ম মানিয়েই প্ৰতিযোগিতাত অংশ লৈ আহিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















