অসম লাইভ ২৪ঃ বিশ্বৰ প্ৰথমখন ক’ৰোনা মুক্ত দেশ ইজৰাইল। পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে ইজৰাইলৰ পৰ্যটনস্থলীসমূহ। সমগ্ৰ বিশ্বই ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ সৈতে যুঁজি থকাৰ বিপৰীতে ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰে এই কথা। বৰ্তমান শিথিল কৰা হৈছে ইজৰাইলৰ কোভিড নীতি-নিৰ্দেশনা। জনসমাগম হোৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক যদিও ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক নহয় ইজৰাইলত। ভেকচিনেচন অভিযান দ্ৰুত গতিত চলি আছে দেশখনত। স্কুল-কলেজ, ব্যৱসায়িক প্ৰতিস্থানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। মে’ৰ শেষভাগৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব পৰ্যটনস্থলীসমূহ। কিন্তু প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব পৰ্যটকসকলে। ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত বৰ্ষত ক’ৰোনাত আক্ৰান্ত হৈছিল দেশখনৰ ৮,৩৬,০০০ গৰাকী ব্যক্তি আৰু মৃত্যু হৈছিল ৬,৩৩১ গৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ