অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে ভেকচিন লোৱাটো অত্যন্ত জৰুৰী। WHOৰ লগতে বিশ্বৰ প্ৰায় সকলো দেশে জনসাধাৰণক ভেকচিন প্ৰদানত গুৰুত্ব আৰোপ কৰিছে। কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে এক হাস্যকৰ ঘটনা। ব্ৰিটেইনৰ এগৰাকী প্ৰমিকে প্ৰেমিকাক ভেকচিনৰ দ্বিতীয় ড’জ লোৱাত মানা কৰি দিছে। আৰু যদি ভেকচিন লয়, তেন্তে ব্ৰেকআপ দিয়াৰো ভাবুকি দিয়ে প্ৰেমিকে। ‘মিৰৰ ইউকে’ৰ বাতৰি অনুসৰি যুৱতীগৰাকীৰ নিজৰ বয়ফ্ৰেইণ্ডৰ এই কাহিনী ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Redditত শ্বেয়াৰ কৰে। যুৱতীগৰাকীয়ে কয় যে বয়ফ্ৰেইণ্ডৰ সৈতে যোৱা এবছৰ ধৰি তেওঁ ৰিলেচনশ্বিপত আছে। তেওঁ ক’ৰোনা ভেকচিনৰ প্ৰথম ড’জ বহু আগতে লৈছে যদিও ভেকচিনৰ দ্বিতীয় ড’জ লোৱাৰ সময়ত বয়ফ্ৰেইণ্ডে অদ্ভুত ধৰণৰ ধমকি দিছে। যুৱতীগৰাকীয়ে কয় যে বয়ফ্ৰেইণ্ডে ভেকচিনৰ দ্বিতীয় ড’জ লোৱাত মানা কৰি দিছে। কেৱল সেয়াই নহয় ভেকচিন ল’লে মোক ব্ৰেকআপ দিব বুলিও কৈছে। এনে পৰিস্থিতিত যুৱতীগৰাকী দোমোজাত পৰিছে। যদি ভেকচিন নলয়, তেনেহ’লে তেওঁৰ পঢ়া এৰিব লাগিব আৰু যদি ভেকচিন লয়, তেনেহ’লে তেওঁক বয়ফ্ৰেইণ্ডে এৰিব। এতিয়া যুৱতীগৰাকীয়ে ভেকচিন ল’ব নে নল’ব, এই কথাক লৈ Redditত বন্ধুবৰ্গৰ মতামত বিচাৰিছে। বন্ধুবৰ্গয়ো নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে। গতিকে যুৱতীগৰাকীয়ে ভেকচিন লয় নে নলয়, সেই কথা পিছৰ সময়তহে জানিব পৰা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ