কৰ’ণাত এদিনতে দেশৰ সৰ্বাধিক লোকৰ মৃত্যু, লাহে লাহে ভাৰতত খোপনি পুতিবলৈ ধৰিছে কৰ’ণাই
কৰ’ণা ভাইৰাছে লাহে লাহে ভাৰতত খুপনি পুতিবলৈ ধৰিছে। সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ লগতে স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি এইবাৰ সৰ্বাধিক কভিড আক্ৰান্ত ৰোগীৰ এটা দিনতে মৃত্যু হোৱা দিন হিচাপে পৰিগণিত হৈছে ১৬ জুন তাৰিখ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা সদ্যপ্ৰকাশিত তথ্য অনুসৰি ভাৰতত কভিড আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যাই পাৰ কৰিলে শতকৰ ঘৰ। বৰ্তমানে ভাৰতত সৰ্বমুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৮ ।
কালিৰ দিনটোত ভাৰতত সৰ্বাধিক ১১ গৰাকী লোকে প্ৰাণ হেৰুৱাই এই কভিডৰ নতুন ঢৌত। অৱশ্যে মৃত্যু হোৱা কেউজন লোকেই পূৰ্বৰ পৰা অন্য ৰোগত আক্ৰান্ত হৈ আছিল। যেনে – কেঞ্চাৰ, লিভাৰ, কিডনী আদি বিভিন্ন ৰোগত আক্ৰান্ত আছিল লোকসকল।
কালিৰ দিনটোত সৰ্বাধিক লোক নিহত হৈছে কেৰালাত। ৭ জন লোকে প্ৰাণ হেৰুৱাইছে কেৱল কেৰালাতেই। লগতে কেৰালাত দেশৰ ভিতৰত সৰ্বাধিক কভিড আক্ৰান্তৰ এক্টিভ কেছ- ৮৭ গৰাকী।
মুঠ ১১ জনৰ ৭ জন কেৰালাৰ হোৱাৰ লগতে অন্য ৪ গৰাকী নিহত ক্ৰমে- ছত্তিশগড়, দিল্লী, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ।
চৰকাৰী প্ৰকাশিত তথ্য অনুসৰি চলিত বৰ্ষ ২০২৫ৰ ১ জানুৱাৰীৰ পৰা ভাৰতত কভিড পজিটিভ লোকৰ সংখ্যা ১৩,৬০৪গৰাকী। নিহত ১০৮ জন। সক্ৰিয় লোকৰ সংখ্যা ৭২৬৪ গৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















