অসম লাইভ ২৪ঃ এদল সাংবাদিকৰ সন্মুখত এজন ক’ৰোনা ৰোগী৷ সংবাদমেল সম্বোধন কৰা ৰোগীৰ বিৰুদ্ধে মোকর্দমাৰ যো-জা৷নিজকে ক’ৰোনা সংক্ৰমিত বুলি জনাৰ পিছত এখন সংবাদমেলৰ আয়োজন কৰিলে ৰোগীয়ে৷ ৰোগীগৰাকী ৰাষ্ট্ৰনেতা৷ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেই ব’লছ’নাৰোৱে স্বাৱ টেষ্ট কৰাৰ পাছত ক’ৰোনা পজিটিভ বুলি অৱগত হৈ সেই কথা ৰাজহুৱা কৰাৰ বাবে এখন সংবাদমেল সম্বোধন কৰিছিল৷ মাস্কৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্বৰ ক্ষেত্ৰতো সংবাদমেলত সোপাঢিলা নীতি অৱলম্বন কৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে৷ এই কথাত জাঙুৰ খাই উঠিছে ব্ৰাজিলৰ সংবাদজগত৷ দেশখনৰ সাংবাদিকসকলৰ সংস্থা ABI য়ে ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ যো-জা চলাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ