গৰু বুলি কাৰোবাক গালি দিওতেও এতিয়া ১০০ বাৰ ভাৱিব লাগিব৷ কাৰণ গৰু এতিয়া মুৰ্খৰ প্ৰতীক নহয়৷ যাৰ নাই গৰু সি সবাতোকৈ সৰু বুলি কোৱা অপ্তবাক্যশাৰী এতিয়া সঁচা প্ৰমাণিতও হৈছে৷ কাৰণ এই দেশতেই আৰম্ভ হৈছে গৰুৰ বাবেও ক্ৰেডিট কাৰ্ড৷ গৰু থাকিলেহে এতিয়াৰে পৰা ক্ৰেডিট কাৰ্ডৰ সুবিধা পাব ব্যক্তিয়ে৷ শুনি অবাক হ’লেও অভিনৱ এই স্কিম আৰম্ভ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে৷ সকলো গোৰক্ষকেই অৱশ্যে এই সুবিধা লাভ কৰিব তেনে নহয়৷ যিসকলৰ ১০টা বা তাতোকৈ বেছি গৰু আছে তেওঁলোকেহে এই সুযোগ পাব৷ এই সুবিধা গো পালকক দিছে মধ্যপ্ৰদেশৰ চৰকাৰে৷
পশু পালনক উৎসাহিত কৰিবলৈ এই সুবিধা দিছে ৰাজ্য চৰকাৰে৷ এই ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে পশু পালকক আৰ্থিক সহায়তা দিয়া হ’ব৷ নতুন স্কিমৰ ফলত গৰুৰ বাবে খাদ্য যোগান আৰু অন্যান্য প্ৰয়োজনীয় কৃষি খৰচৰ ব্যৱহাৰ আৰু সহজ হৈ উঠিব৷ সম্প্ৰতি গোবৰ্ধন পুজা অনুষ্ঠিত হয় মধ্যপ্ৰদেশত৷ তাতেই সেই প্ৰকল্পৰ কথা ঘোষণা কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















