শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব ৰিংকু সিং, বিশেষ পৰিয়ালৰ সৈতে সাঙোৰ খাব নাম
ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙে অতি সোনকালে বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে। এক বিশেষ পৰিয়ালৰ সৈতে নাম সাঙোৰ খাবলৈ গৈ আছে ৰিংকুৰ। ৰাজনীতিৰ সৈতে জড়িত যুৱতীৰ সৈতে বিবাহৰ বান্ধোনত বান্ধ খাব ক্ৰিকেটাৰ ৰিংকু।
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰে মছলী চহৰৰ এছ পি সাংসদ প্ৰিয়া সৰোজৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব ৰিংকু সিঙৰ। এই কথা নিশ্চিত কৰিছে প্ৰিয়া সৰোজৰ পিতৃয়ে।
২০২৩ চনৰ আই পি এল ছিজনত গুজৰাট টাইটানছৰ বিৰুদ্ধে এটা অভাৰত ৫টা ছয় মাৰি ক্ৰিকেট চাঞ্চল্য হিচাপে পৰিগণিত হোৱা ৰিংকু সিং এতিয়া জৌনপুৰৰ এটা ডাঙৰ ৰাজনৈতিক পৰিয়ালৰ সৈতে সম্পৰ্কিত।
যদিও এই সম্পৰ্কৰ বিষয়ে ৰাইজৰ মাজত বহুদিন পূৰ্বৰে পৰা চৰ্চাত আছিল। কিন্তু এতিয়াহে এই সম্পৰ্ক আনুষ্ঠানিকভাৱে নিশ্চিত হৈছে। দুয়োৰে অতি সোনকালে লক্ষ্ণৌত এংগেজমেণ্ট হ’বলৈ ওলাইছে।
১৯৯৭ চনৰ ১২ অক্টোবৰত আলিগড়ৰ এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰিংকু সিঙে। দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজি কেইবছৰমানৰ ভিতৰতে ক্ৰিকেট তাৰকা হৈ পৰে ক্ৰিকেটাৰ ৰিংকু সিং। জনপ্ৰিয়তাও বহুত বৃদ্ধি পায় ৰিংকুৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ