খেল মানেই উত্তেজনা৷ খেল মানেই ৰোমান্স৷ খেল মানেই বিবাদ৷ আনকি কেতিয়াবা হতাহতিপৰ্যন্ত সংঘটিত হয় খেলপথাৰত৷ কিন্তু ভদ্ৰলোকৰ খেল ক্ৰিকেটো মাজে মাজে পৰিণত হয় অভদ্ৰ লোকৰ খেললৈ৷ বিশ্বৰ যিসকল মহান খেলুৱৈ তেওঁলোক যিকোনো পৰিস্থিতিতে হৈ ৰয় শান্ত-সমাহিত৷
শেহতীয়াভাৱে প্ৰকাশ কৰা এক তালিকা অনুসৰি ৬ ভদ্ৰ খেলুৱৈত স্থান পাইছে ভাৰতৰ মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু এম এছ ধোনীয়ে৷ দীঘলীয়া কেৰিয়াৰত বহু অভিলেখ গঢ়িছে ভাৰতীয় ক্ৰিকেটাৰ তেণ্ডুলকাৰে৷ কিন্তু সদায়ে ধৈৰ্য আৰু সহ্যক গুৰুত্ব দিয়া তেণ্ডুলকাৰে কাহানিও হেৰুওৱা নাছিল নিজৰ নিয়ন্ত্ৰণ৷ আনকি আউট নোহোৱাকৈয়ে বহুবাৰ আউট ঘোষণা কৰা হৈছিল তেণ্ডুলকাৰক৷ তেতিয়াও গজানন খোজেৰে খেলপথাৰ ত্যাগ কৰিছিল ভাৰতৰ মহান তাৰকাগৰাকীয়ে৷
একেদৰে ভাৰতক টী-২০ আৰু এদিনীয়াত বিশ্বকাপৰ সোৱাদ দিয়া এম এছ ধোনীও তেওঁৰ ক্ৰিকেট কেৰিয়াৰত কাহানিও খেলপথাৰত বিবাদত জড়িত হোৱা দেখা নাযায়৷
শ্ৰীলংকাৰ আন এগৰাকী মহান ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰাও আছিল এই ভদ্ৰ খেলুৱৈৰ তালিকাত৷
দক্ষিণ আফ্ৰিকাৰ হাছিম আমলা, এ বি ডি ভিলিয়াৰ্ছো ভদ্ৰতাৰ বাবে ক্ৰিকেট বিশ্বত পৰিচিত৷
নিউজিলেণ্ডৰ কেন উইলিয়ামছনকো ধৰা হয় এই ভদ্ৰলোকৰ তালিকাত৷
কিয়নো এওঁলোক কেতিয়াও বিপক্ষয়েই হওক বা নিজৰ দলৰেই হওক কাৰোৰে লগত কেতিয়াও জড়িত হোৱা নাই বিবাদত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ