নাম ওছামা৷ কিন্তু ই মানুহ নহয়৷ এটা প্ৰকাণ্ড আৰু অতি বিপজ্জনক ঘঁৰিয়াল৷ তাৰ দৈৰ্ঘ্য প্ৰায় ১৬ ফুট ৷ একালৰ বিশ্বস্ত্ৰাসী সন্ত্ৰাসবাদী ওছামা বিন লাডেনৰ নামেৰে এই ভয়ংকৰ ঘঁৰিয়ালটোৰ নাম ৰখা হৈছিল৷ অঞ্চলটোত চলোৱা সন্ত্ৰাসৰ বাবেই অঞ্চলবাসীয়ে ইয়াৰ নাম ওছামা ৰাখিছে৷
এই প্ৰকাণ্ড তথা ভয়ংকৰ ঘঁৰিয়ালটোৰ বাসস্থান আছিল ভিক্টোৰিয়া নামৰ এটা হ্ৰদ৷ হ্ৰদটো আছে লুগাংগা নামৰ এখন গাঁৱত৷ আৰু এই লুগাংগা নামৰ গাঁওখন আছে আফ্ৰিকা মহাদেশৰ উগাণ্ডাত৷ ভিক্টোৰিয়া নামৰ এই হ্ৰদটো হৈছে আফ্ৰিকা মহাদেশৰ বৃহত্তম হ্ৰদ৷
ডেইলী ষ্টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ওছামা নামৰ এই ভয়ংকৰ ঘঁৰিয়ালটো ইমানেই শক্তিশালী যে গাওঁখনৰ ৰাইজে ইয়াক অমৰ বুলি গণ্য কৰি আহিছিল। ঘঁৰিয়ালটোৱে বিগত পোন্ধৰটা বছৰত গাঁওখনৰ ৮৩ গৰাকীকৈ লোকক জীৱন্তে ভক্ষণ কৰিছে৷
লগতে পঢ়ক মাতৃৰ সৈতে বিবাহ মণ্ডপৰ পৰা পলায়ন দৰাৰ, আৰক্ষী থানাত সম্পন্ন হ’ল বিবাহ
লুগাংগা গাঁওবাসীয়ে কোৱা অনুসৰি যিমানজন লোকে এই হ্ৰদটোলৈ গৈছে তাৰে অধিকাংশ লোকেই ওছামা নামৰ সন্ত্ৰাস সৃষ্টিকাৰী ঘঁৰিয়ালটোৰ চিকাৰ হৈছে৷ এক তথ্যৰ মতে গাঁওখনৰ প্ৰায় এক দশমাংশ লোক ওছামা ঘঁৰিয়ালৰ চিকাৰ হৈছে৷ সেয়ে অঞ্চলটোৰ লোকে উক্ত হ্ৰদটোলৈ যাবলৈ প্ৰায়ে বন্ধ কৰাৰ দৰে হৈছিল৷
ওছামা ঘঁৰিয়ালে প্ৰথমটো চিকাৰ কৰিছিল ১৯৯১ চনত৷ গাঁওবাসীয়ে প্ৰকাশ কৰা অনুসৰি ঘঁৰিয়ালটোৱে হ্ৰদৰ পাৰত লুকাই আছিল আৰু পাৰত মানুহ দেখাৰ লগে লগে হঠাতে এম্বুশ কৰি তাৰ চিকাৰ জীয়াই জীয়াই ভক্ষণ কৰিছিল৷ আৰু সেয়াই আছিল তাৰ আৰম্ভণি৷ ইয়াৰ পিছত বিভিন্ন ধৰণেৰে আক্ৰমণ কৰি ওছামাই মানুহক চিকাৰ কৰি ভক্ষণ কৰিছিল৷
ইয়াৰ ২০০৫ চনলৈকে অৰ্থাৎ প্ৰায় পোন্ধৰটা বছৰত এই ঘঁৰিয়ালটোৱে গাঁওখনৰ ৮৩ লোকক ভক্ষণ কৰিছে৷ ইয়াৰ ভিতৰ বৃদ্ধ, শিশু, মহিলা আদিও আছে৷
লগতে পঢ়ক মাত্ৰ ১০০ টকাত বিমানত যাত্ৰা কৰাৰ বাম্পাৰ সুযোগ! লগতে লাভ কৰিব ৫০ লাখ টকৰা বীমা
পূৰ্বেই উল্লেখ কৰা হৈছে যে এই ওছামা ঘঁৰিয়ালে বাস কৰা এই ভিক্টোৰিয়া হ্ৰদটো হৈছে আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ হ্ৰদ৷ সেয়ে অঞ্চলটোৰ লোকসকলৰ জীৱন-জীৱিকাত ভিক্টোৰিয়া হ্ৰদৰ অপৰিহীম গুৰুত্ব আছে৷
ওছামা ঘঁৰিয়ালৰ বলি হোৱা এজন লোকৰ ভাতৃয়ে ডেইলী ষ্টাৰক ওছামা ঘঁৰিয়ালে কেনেকৈ চিকাৰ কৰে তাৰ জীৱন্ত তথা ভয়ংকৰ বিৱৰণ দিছে৷ লোকজনে কয় যে তেওঁ নাওখন চলাই আছিল আৰু তেওঁৰ ভাতৃয়ে নাওখনৰ সন্মুখত বহি মাছ ধৰি আছিল৷ তেনে ধুমুহাৰ গতিত আহি ওছামা ঘঁৰিয়ালে তেওঁৰ ভাতৃক কামুৰি পানীৰ তললৈ সোমাই গৈছিল।
তেওঁ লগতে বৰ্ণনা কৰিছে কেনেকৈ ওছামা ঘঁৰিয়ালে চিকাৰ আক্ৰমণ কৰে৷ তেওঁ দিয়া বিৱৰণ অনুসৰি নাৱেৰে মাছ মাৰি থাকোতে ওছামাই পানীৰ পৰা ওলাই আহি পানীৰ ঢৌৰ সৃষ্টি কৰি নাওখন ভাৰসাম্যহীন কৰি তোলে। নাওখন পানীৰ ঢৌ টুলুং-ভুটুং হোৱাৰ লগে লগে চিকাৰক আক্ৰমণ কৰে।
লগতে পঢ়ক সাগৰৰ ঢৌত উটি গ’ল যুৱক, জীৱন্ত অৱস্থাত উভতি আহিল ১৮ ঘণ্টাৰ পাছত
‘‘এইদৰেই মোৰ ভাতৃক ওছামাই চিকাৰ কৰিছিল৷ ওছামাই মোৰ ভাতৃৰ ভৰিত কামুৰি পানীৰ তললৈ নি ভক্ষণ কৰে৷ সৌভাগ্যক্ৰমে মই ৰক্ষা পৰিলো৷’’ লোকজনে কয়৷
মন কৰিবলগীয়া যে ২০০৫ চনত গাঁওবাসীৰ সহায়ত বন্যপ্ৰাণী বিষয়াসকলে ভয়ংকৰ ঘঁৰিয়াল ওছামাক ধৰিছিল। ওছামাক ধৰিবলৈ এসপ্তাহতকৈও অধিক সময় এই অভিযান চলোৱা হৈছিল। ওছামা ধৰিবলৈ মাংসৰ প্ৰলোভন দিয়া হৈছিল।
এই ভয়ংকৰ ঘঁৰিয়ালটোক বন্যপ্ৰাণী বিষয়াসকলে ধৰি বন্দী কৰি হ্ৰদটোৰ পৰা লৈ যায়৷ এইদৰেই প্ৰায় ডেৰ দশক সন্ত্ৰাস চলোৱাৰ অন্তত ২০০৫ চনত লুগাংগা গাঁৱৰ ৰাইজে ওছামা নামৰ ভয়ংকৰ ঘঁৰিয়ালটোৰ সন্ত্ৰাসৰ পৰা মুক্তি লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ