চকুৰ তলত কলা দাগ এতিয়া সাধাৰণ সমস্যা হৈ ঠিয় দিছে৷ টোপনিৰ অভাৱ, স্ক্ৰিণ টাইম বা ক্লান্তি ইয়াৰ মূল কাৰণ৷ ইয়াৰোপৰি অইন বিভিন্ন কাৰণত কলা দাগৰ কাৰণ হব পাৰে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে, সাধাৰণতে কোনো এক কাৰণত নহয়, বিভিন্ন কাৰণত এই কলা দাগে দেখা দিয়ে৷ ইয়াৰ কাৰণ হ’ব পাৰে লিভাৰৰ স্বাস্থ্যও৷
লিভাৰ আৰু ডাৰ্ক চাৰ্কোল
লিভাৰে সঠিকভাৱে কাম নকৰিলে বা অতিৰিক্ত চাপ থাকিলে, ইয়াৰ প্ৰভাৱ মুখৰ ওপৰত দেখা যায়৷ লিভাৰৰ কাম হৈছে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে৷ যদি আপোনাৰ খাদ্যভাষ বেয়া হয় অথবা অতিৰিক্ত এলকহল খায় অথৱা পৰ্যাপ্ত টোপনি নহয় তেতিয়াই লিভাৰৰ সমস্যা হব পাৰে৷ ইয়াৰ ফলত নিস্তেজ, প্ৰাণহীন চেহেৰা আহে৷ চকুৰ তলত ক’লা দাগ আৰু স্পষ্ট হৈ পৰে৷
লিভাৰৰ বাবেই কেৱল ডাৰ্ক চাৰ্কেলৰ সমস্যা নহয়৷ বেছিভাগ মানুহৰ ক্ষেত্ৰত, অন্যান্য কাৰণতো এই সমস্যা হব পাৰে৷ যেনে জেনেটিক্স, স্ক্ৰিণ টাইম, ক্লান্তি আৰু পানীৰ অভাৱ৷
লিভাৰৰ ৰোগ
যদি ডাৰ্ক চাৰ্কেল লিভাৰৰ ৰোগৰ সৈতে সম্পৰ্কিত হয় তেতিয়া ইয়াৰ সৈতে অন্যান্য লক্ষণো থাকিব পাৰে৷ যেনে ম্লান আভা, চকুৰ তলত ফোলাভাৱ, অথৱা সামান্য হালধীয়াভাৱ৷ ঘনে ঘনে ক্লান্তি, শক্তিৰ অভাৱ বা হজমৰ সমস্যাও অনুভৱ কৰিব পাৰে৷ অন্যহাতে স্বাভাৱিক কলা দাগ সাধাৰণতে চকুৰ চাৰিওপাশে দেখা দিয়ে আৰু ভাল টোপনি, প্ৰচুৰ পানী খোৱা আৰু যত্নই এই সমস্যা কমাব পাৰে৷
ডাৰ্ক চাৰ্কেল কমোৱাৰ উপায়
প্ৰথম ধাপ হৈছে ইয়াৰ কাৰণসমূহ বুজি পোৱা৷ যদি ডাৰ্ক চাৰ্কেল পিগমেণ্টেছনৰ কাৰণে হয় তেন্তে আপুনি ভিটামিন চি, নিয়াচিনামাইড, কোজিক এছিড বা কেফেইনযুক্ত চকুৰ ক্ৰিম ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰোপৰি আপোনাৰ দৈনন্দিন অভ্যাসৰ দিশত মনোযোগ দিয়ক৷ ভাল টোপনি, প্ৰচুৰ পানী পান কৰক৷ ছানস্ক্ৰিণ লগাওক৷ চকুৰ তল মাছাজ কৰক৷ স্ক্ৰিণ টাইমো সীমিত কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















