অসম লাইভ২৪ঃ অসমৰ আগশাৰীৰ জনপ্ৰিয় ৱেব চেনেল দা নেটৱৰ্ক অসমে বিগত ১৬ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত দিনজোৰা কাৰ্যসূচীৰে ‘গোল্ডেন এৱাৰ্ডচ -২০২২’ অনুষ্ঠানৰ আয়োজন কৰে৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চেনেলটিয়ে অসমৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা কিছু বিশেষ ব্যক্তি আৰু প্ৰতিষ্ঠানক গোল্ডেন এৱাৰ্ডচ-২০২২ অনুষ্ঠানত বিভিন্ন বঁটাৰে সন্মানিত কৰে৷ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গোৱালপাৰা জিলাৰ ধূপধৰাৰ দশনন ৰাভালৈ অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা বাবে দা নেটৱৰ্ক অসমে “জাতি উপজাতি সমন্বয় বটাঁ”ৰে সন্মানিত কৰে৷
চলিত বছৰৰ পৰা এই চেনেলটিয়ে দেশৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা লোক তথা প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰিব৷ দ্যা নেটৱৰ্ক অসমৰ হৈ এই বটাঁ প্ৰদান কৰে স্বনামধন্য চিকিৎসক, সংগীতশিল্পী তথা সুৰকাৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে৷
উল্লেখ্য যে ইতিমধ্যে অসমৰ সমাজ জগতখনৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাকৌ গঢ়ি এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰি অহা দশনন ৰাভা আজি সকলোৰে মুখত এটি পৰিচিত নাম৷ অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দশনন ৰাভাক বিভিন্ন সন্মানেৰে ইতিমধ্যে সন্মানিত কৰিছে৷ ছাত্ৰাৱস্থাৰ পৰা বৰ্তমানলৈকে নিৰলস ভাৱে সমাজসেৱা আগবঢ়াই অহা ৰাভাই অসমৰ বিভিন্ন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে৷ গোৱালপাৰা জিলাৰ কৃষ্ণাই নগৰপাৰাত জন্ম গ্ৰহণ কৰা ৰাভাই হাইস্কুলত পঢ়ি থকা সময়তেই সমাজসেৱাৰ লগত জড়িত হৈ পৰে৷ ১৯৮৮ চনৰ পৰা ১৯৯৩ চনলৈ দুধনৈ পশ্চিমাঞ্চল ৰাভা যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হৈ পৰিছিল ৰাভাই৷ ১৯৯৮ চনৰ পৰা বৰ্তমানলৈকে ধূপধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা ,২০০৩ চনৰ পৰা ২০০৬ চনৰ জুন মাহলৈকে গোৱালপাৰা জিলা ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী কমিটিৰ সাংগঠনিক সম্পাদক,কেন্দ্ৰীয় ষষ্ঠ অনুসূচী দাবী কমিটিৰ সম্পাদক, ২০১৯ চনলৈকে ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী সমিতিৰ কেন্দ্ৰীয় সম্পাদক, ২০১৯ চনৰ পৰা ২০২২ চনৰ জুন মাহলৈ উপ সভাপতিৰ দায়িত্ব পালন কৰাৰ ওপৰিও বৰ্তমান ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী কমিটিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰি আছে৷
ইয়াৰ ওপৰিও ধূপধৰা তিনিদলীয়া ৰাইজৰ উপ সভাপতি ,ধূপধৰা ব্যৱসায়ী সংন্থাৰ সহকাৰী সম্পাদক ,ধূপধৰা মিলন সংঘৰ কাৰ্যকৰী সদস্য ,ধূপধৰা শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য ,ধূপধৰা বিকালী মহাবিদ্যালয়ৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰস্তুতি সমিতিৰ কাৰ্যকৰী সদস্য,ধূপধৰা প্ৰগতি যুৱ সংঘৰ সভাপতি, ধূপধৰা ৰাভাপাৰা ৰাইজৰ সম্পাদক,ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক,ধূপধৰা ৰাভা জ্ঞাতি সমাজৰ সভাপতিৰ লগতে দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ কাৰ্যকৰী সদস্যৰ পদ অলংকৃত কৰা দশনন ৰাভাই নিৰলস ভাৱে সমাজসেৱা আগবঢ়াই আহিছে৷ উল্লেখযোগ্য যে অনুষ্ঠানত দশনন ৰাভাৰ লগতে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা,অসমৰ জনপ্ৰিয় সাংবাদিক চক্ৰপাণি পৰাশৰ,বিশিষ্ট ব্যৱসায়ী তথা ডাটা মেচনৰ স্বত্বাধিকাৰী পৱন কুমাৰ আগৰৱালা ,বিশিষ্ট সংগীত শিল্পী অজয় ফুকনকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক দা নেটৱৰ্ক অসমে বঁটা প্ৰদান কৰে৷ দশনন ৰাভাই এই বঁটা লাভ কৰাৰ পিছতে তেওঁৰ জন্মস্থানৰ লগতে সমগ্ৰ গোৱালপাৰা জিলাতে এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ