অসম লাইভ২৪ঃ মহাশিৱৰাত্ৰী পালিত হয় ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত। হিন্দুধৰ্মাৱলম্বীসকলৰ ওচৰত মহাশিৱৰাত্ৰী হৈছে মহাদেৱৰ উদ্দেশ্যে নিবেদিত এক বিশেষ দিন। এই দিনটোত মহাদেৱৰ ওপৰিও দেৱী পাৰ্বতীকো আৰাধনা কৰা হয়। পুৰাণ অনুসৰি এই দিনটোত বিবাহ বন্ধনত আৱদ্ধ হৈছিল শিৱ আৰু পাৰ্বতী। মহাশিৱৰাত্ৰিত সকলো নিয়ম মানি শিৱ শংকৰৰ উপাসনা কৰিলে জীৱনত সকলো সুখ আৰু সৌভাগ্য লাভ কৰা সম্ভৱ বুলি পুৰাণত উল্লেখ আছে।
মহাশিৱৰাত্ৰী কেতিয়া?
এই বছৰ মহাশিৱৰাত্ৰী পালিত হ’ব আগন্তুক ৮মাৰ্চ ২০২৪ৰ শুকুৰবাৰে। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আৰম্ভ হ’ব ৮মাৰ্চৰ নিশা ৯বাজি ৫৭ মিনিটত আৰু চতুৰ্দশী তিথি শেষ হ’ব ৯মাৰ্চৰ সন্ধিয়া ৬বাজি ১৭মিনিটত। শিৱৰাত্ৰীত যিহেতু নিশা জাগি থাকি মহাদেৱক উপাসনা কৰা হয় সেয়ে মহাশিৱৰাত্ৰি পালিত হ’ব ৮মাৰ্চৰতেই।
মহাশিৱৰাত্ৰীৰ মাহাত্ম্য
পুৰাণ অনুসৰি মহাদেৱক পতি হিচাপে লাভ কৰিবলৈ পাৰ্বতীয়ে কঠোৰ তপস্যা কৰিছিল। মহাশিৱৰাত্ৰীতেই স্বামী হিচাপে মহাদেৱক লাভ কৰে দেৱী পাৰ্বতীয়ে। শিৱৰ দৰে স্বামী লাভ কৰাৰ বাসনাতেই বহু যুৱতীয়ে সেই দিনটোত উপবাসে থাকি মহাদেৱৰ আৰাধনা কৰে।
মহাদেৱৰ পূজাৰ বিধি
মহাশিৱৰাত্ৰীত ব্ৰহ্মপুৱাৰে টোপনিৰ পৰা উঠিব। গা ধুৱাৰ সময়ত পানীত গংগাজল মিহলাই ল’ব। তাৰপাছতেই মহাদেৱ আৰু পাৰ্বতীৰ পুজাৰ সংকল্প গ্ৰহণ কৰিব।
মহাশিৱৰাত্ৰীত দিনটো উপবাসে থকাটো শুভ। সেই দিনা নিশাৰ চাৰি প্ৰহৰত পুজা কৰিলে শুভ। মহাশিৱৰাত্ৰীত নিৰ্জলা উপবাস পালন কৰাৰো ৰীতি প্ৰচলিত আছে।
নতুন পোছাক পিন্ধি সূৰ্যদেৱক পানীৰ অৰ্ঘ্য নিবেদন কৰিব। ইয়াৰপাছতেই পূজাৰ স্থানত ৰঙা কাপোৰ পাৰি শিৱ আৰু পাৰ্বতীৰ মূৰ্তি স্থাপন কৰক।
গাখীৰৰ সৈতে গংগাজল মিহলাই শিৱৰ অভিষেক কৰক। তাৰপাছতেই পঞ্চোপচাৰৰ সহায়ত শিৱ আৰু পাৰ্বতীৰ পূজা কৰক।
ভাং, ধতুৰা, বেল পাত, বেল ফল, আকন্দ ফুল দি শিৱৰ পূজা কৰক। শিৱ চালিছা আৰু শিৱ স্তোত্ৰও পাঠ কৰিব।
পূজাৰ অন্তত প্ৰসাদ খাই উপবাস ভংগ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ