অসম লাইভ ২৪ঃ আজি ১ অক্টোবৰ৷ আজিৰে পৰা সলনি হ’ব বহু নিয়ম৷ প্ৰভাৱ পৰিব আপোনাৰ দৈনন্দিন জীৱনত৷ অক্টোবৰৰ প্ৰথম দিনটোৰ পৰাই সলনি হ’ব LPG ৰ দাম, পেঞ্চনৰ নিয়ম, ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ বহু নিয়ম৷ জানক কি কি সলনি হ’ব—
পেঞ্চনঃ আজিৰে পৰা পৰিৱৰ্তন হ’ব ডিজিটেল লাইফৰ সৈতে সম্বন্ধীত বহু নিয়মৰ ৷ ৮০ৰ ঊৰ্ধ্বৰ পেঞ্চনাৰ সকলে নিজৰ ‘লাইফ চাৰ্টিফিকেট’ জমা দিব লাগিব ডাকঘৰত৷ ৩০ নবেম্বৰলৈ সময়সীমা বান্ধি দিছে চৰকাৰে৷ যদি জীৱন প্ৰমাণ কেন্দ্ৰৰ আইডি বন্ধ হৈছে তেন্তে নিৰ্দিষ্ট সময়ৰ ভিতৰত সক্ৰিয় কৰিবলৈও নিৰ্দেশ দিছে ডাকঘৰসমূহক৷
চেকবুকঃ আজিৰে পৰা অবৈধ হ’ব ইউনাইটেড বেংক অৱ ইণ্ডিয়া, অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ আৰু এলাহাবাদ বেংকৰ চেকবুক আৰু MICR কোড৷ কাৰণ এইসমূহ বেংকক অন্য বেংকৰ সৈতে একত্ৰীকৰণ কৰা হৈছে৷ গতিকে ব্যক্তিৰ একাউণ্ট নম্বৰ, IFSC আৰু MICR নম্বৰ সলনি হ’ব৷
ক্ৰেডিট আৰু ডেবিট কাৰ্ডঃ আজিৰে পৰা নিৰ্ধাৰিত সময়লৈ বন্ধ থাকিব এটো ডেবিট পদ্ধতি৷ নিয়ম অনুসৰি, অটো ডেবিট পেমেণ্টৰ বাবে গ্ৰাহকে বেংকলৈ ন’টিফিকেচন পঠিয়াব লাগিব৷ বেংকে অইসমূহ নিশ্চিত কৰাৰ পাছতে গ্ৰাহকৰ এটো ডেবিট পদ্ধতি পুনৰ সক্ৰিয় হ’ব৷ এছএমএছ অথবা মেইলৰ জৰিয়তে ২৪ ঘণ্টাৰ ভিতৰত ন’টিফিকেচনসমূহ পঠিয়াব লাগিব৷
দাম বৃদ্ধি হ’ব চিলিণ্ডাৰৰঃ আন্তঃৰাষ্ট্ৰীয় স্তৰত খাৰুৱা তেলৰ দাম বৃদ্ধি হোৱাৰ বাবে অক্টোবৰ মাহত চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ৮০ মাৰ্কিন ডলাৰ৷ চিলিণ্ডাৰৰ উপৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম অক্টোবৰ মাবত পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷
মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টঃ আজিৰে পৰা সলনি হ’ব মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টৰ কৰ্মচাৰীৰ নিয়ম৷ মিউচুৱেল ফাণ্ড হাউচ আৰু মেনেজমেণ্টৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম৷ কোম্পানীৰ কনিষ্ঠ কৰ্মচাৰীয়ে দৰমহাৰ ১০ শতাংশ মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগিব৷
আজিৰে পৰা ফুড বিলত FSSAI পঞ্জীয়ন নম্বৰ লিখাটো বাধ্যতামূলক৷
আজিৰে পৰা এটিএম আৰু ডেবিট কাৰ্ড ব্যৱহাৰকাৰীয়ে সেৱাৰ বাবে বেংকক দিব লাগিব ১২৫ টকাকৈ৷
এছএমএচ এলাৰ্টৰ বাবে জিএছটি সহ ভৰিব লাগিব ১২ টকা৷
এটিএম কাৰ্ড হেৰালে অন্য ডেবিট কাৰ্ড লাভ কৰিবলৈ ৩০০ টকাৰ লগতে জিএচটি ভৰিব লাগিব৷
যদি টিএমএম পিন হেৰায়, তেন্তে ডুপ্লিকেট পিনৰ বাবে ৫০ টকা আৰু জিএচটি ভৰিব লাগিব৷
চেভিংচ একাউণ্টত জমা কৰা ধনৰ পৰিমাণ নিৰ্দিষ্ট পৰিমানতকৈ কম হ’লে ট্ৰানজেকচনৰ নিম্নমানৰ হ’লে গ্ৰাহকে ভৰিব লাগিব ২০ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ