অসম লাইভ ২৪:
কৃষকলৈ কেন্দ্ৰীয় চৰকাৰৰ পত্ৰ ‘আপোনালোকৰ পছন্দৰ তাৰিখ-সময় অনুসৰি আলোচনালৈ আহক।’ নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষক সংগঠনসমূহলৈ এক প্ৰকাৰ আত্মসমৰ্পণৰ ভংগীত পত্ৰ লিখিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বৃহস্পতিবাৰে কৃষক সংগঠনসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰি পুনৰ ষষ্ঠলানি আলোচনালৈ আমন্ত্ৰণ জনায়।
পত্ৰখনত স্বাক্ষৰ কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ যুটীয়া সচিব বিবেক আগৰৱালাই।
চৰকাৰে কৃষকসকলক সকলো দাবীৰ ‘অৰ্থপূৰ্ণ সমাধান’ৰ আশ্বাস প্ৰদান কৰিছে। ইপিনে, আজি ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এটা সঁজাতি দলে কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত ৰাষ্ট্ৰপতিক এখন স্মৰাকপত্ৰ প্ৰদান কৰে।
২ কোটি স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰখনৰ জৰিয়তে কৃষক বিৰোধী আইন বাতিলৰ দাবী জনায়। আনহাতে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং কুমাৰক আজি ৬০ জনীয়া কৃষকৰ প্ৰতিনিধি দল এটাই সাক্ষাৎ কৰে। কৃষকৰ এই প্ৰতিবাদৰ প্ৰতি এইবাৰ সমৰ্থন জনালে খেলুৱৈয়ে।
ভাৰতীয় বাস্কেটবল খেলুৱৈ সতনাম সিঙে সিংঘু সীমান্তত কৃষকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে। তিক্ৰী সীমান্ততো প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকে। কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- যদি চৰকাৰে কৃষকসকলক দেশদ্ৰোহী আখ্যা দিয়ে তেন্তে এয়া চৰকাৰৰ পাপ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ