এইবাৰ ধনতেৰাছত দুৰ্লভ সংযোগৰ বাবে মহালাভ হ’ব কেইবাটাও ৰাশিৰ
দীপাৱলীৰ এদিন পূৰ্বে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা পালন কৰা হব হিন্দু ধৰ্মৰ লোকসকলৰ বিশেষ তাৎপৰ্য থকা ধনতেৰাছ উৎসৱ। বৈদিক পঞ্জিকা অনুসৰি এইবাৰ ২০২৪ চনৰ ২৯ অক্টোবৰত ধনতেৰাছৰ উৎসৱ পালন কৰা হ’ব। বিশ্বাস কৰা হয় যে ধনতেৰাছৰ দিনা অমৃতৰ পাত্ৰ কঢ়িয়াই সাগৰৰ মন্থনৰ পৰা ধনন্তৰীৰ আবিৰ্ভাৱ হৈছিল। এই কাৰণেই এই দিনটোত ধনৰ দেৱী লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰৰ সৈতে ধনন্তৰীক পূজা কৰাৰ পৰম্পৰা আছে।
অৱশ্যে এইবাৰ ধনতেৰাছৰ দিনটো অতি বিশেষ, কাৰণ এই দিনটোত ত্ৰিগ্ৰহী যোগ, ত্ৰিপুষ্কৰ যোগ, ইন্দ্ৰ যোগ, বৈধৃতি যোগ আৰু উত্তৰ ফালগুনি নক্ষত্ৰৰ এক মহান সংযোজন ঘটিছে। যাৰ ফলত অতিকে লাভ হব ৩ ৰাশিৰ লোকৰ জীৱনত।
কৰ্কট ৰাশি
এইবাৰ ধনতেৰাছৰ দিনা গঠিত ৫টা বিৰল যোগৰ দ্বাৰা কৰ্কট ৰাশিৰ লোকে বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। লক্ষ্মী দেৱী আৰু কুবেৰৰ আশীৰ্বাদত ব্যৱসায়ীসকলে অপৰিসীম ধন-সম্পত্তি লাভ কৰিব পাৰে। দোকানীসকলৰ বিক্ৰী বৃদ্ধিৰ বাবেও লাভ বৃদ্ধি হ’ব পাৰে। নিয়োজিত লোকে কামৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ পাব পাৰে। ইয়াৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীসকলে যি বিচাৰে মাতৃৰ পৰা উপহাৰ হিচাপে লাভ কৰিব পাৰে।
তুলা ৰাশি
ধনতেৰাছৰ দিনা গঠিত এই বিৰল যোগে তুলা ৰাশিৰ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ভ্ৰমণ সফল হ’ব, ব্যৱসায়ৰ সম্প্ৰসাৰণ অতি সোনকালে হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিব। নিয়োজিত লোকে সময়মতে পুৰণি ঋণ পৰিশোধ কৰিব, যাৰ ফলত মানসিক শান্তি লাভ কৰিব। ইয়াৰ উপৰিও আদালতৰ কামতো সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।
ধনু ৰাশি
আগন্তুক দিনত ধনু ৰাশিৰ লোকে অধিক আত্মবিশ্বাসী অনুভৱ কৰিব। নিয়োজিত লোকৰ আয় বৃদ্ধি হ’ব, যাৰ ফলত অৰ্থনৈতিক পৰিস্থিতিত সুস্থিৰতা আহিব। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ সময়মতে সম্পূৰ্ণ হ’ব, যাৰ ফলত অতি সোনকালে বৃহৎ লাভৰ সৃষ্টি হ’ব। ধনু ৰাশিৰ লোকৰ পৰিয়ালৰ সদস্যৰ সৈতে চলি থকা তৰ্ক-বিতৰ্কৰ অন্ত পৰিব। ইয়াৰ লগতে আগন্তুক দিনত বিবাহিত জীৱনতো সুখ বাঢ়িব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















