কলম্বো টেষ্টত বেটিঙৰ লগতে নিজৰ অনন্য চেলিব্ৰেশ্যনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ধ্ৰুৱ জুৰেলে। শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম ইনিংছত অপৰাজিত ১১৫ ৰান সংগ্ৰহ কৰি জুৰেলে নিজৰ কেৰিয়াৰৰ দ্বিতীয়টো শতক সম্পূৰ্ণ কৰাৰ পিছত বাওঁহাতৰ ‘জয় জোৱান, জয় কিষাণ’ টেটু দেখুৱাই উদযাপন কৰে। জুৰেলৰ এই বিশেষ উদযাপনৰ আঁৰত আছে তেওঁৰ পৰিয়ালৰ সৈতে জড়িত এক আৱেগিক কাহিনী। তেওঁ নিজেই প্ৰকাশ কৰা মতে, এই টেটুটো তেওঁৰ ককা আৰু পিতৃৰ প্ৰতি সন্মান জনাই কৰা হৈছে।
ককা খেতিয়ক, পিতৃ আছিল সৈনিক
ধ্ৰুৱ জুৰেলৰ পৰিয়াল কৃষি আৰু দেশ সেৱাৰ সৈতে গভীৰ সম্পৰ্ক আছে। তেওঁৰ ককা আছিল এজন আদৰ্শৱান খেতিয়ক আৰু পিতৃ ভাৰতীয় সেনাবাহিনীত কৰ্মৰত আছিল। সেয়েহে ‘জয় জোৱান, জয় কিষাণ’ তেওঁৰ বাবে কেৱল এটা শ্লোগান নহয়, বৰং পৰিয়াল আৰু শিপাৰ সৈতে জড়িত এক বিশেষ অনুভূতি। শতক সম্পূৰ্ণ কৰাৰ পিছত জুৰেলে কয় যে তেওঁ নিজৰ শিপা কেতিয়াও পাহৰিব নিবিচাৰে। তেওঁৰ এই উদযাপন মূলতঃ ককা আৰু পিতৃৰ বাবেই আছিল। জুৰেলৰ ১১৫ ৰানৰ ইনিংছটো মুঠেও সহজ নাছিল। তেওঁ ৯৯ ৰানত উপনীত হোৱাৰ সময়তে বৰষুণৰ বাবে খেল বন্ধ হৈ পৰে। খেল পুনৰ আৰম্ভ হোৱাৰ পিছত তেওঁ কেইটামান বললৈ ৯৯ ৰানতে স্তব্ধ হৈ থাকিবলগীয়া হয়। ইয়াৰ মাজতে ৰান ল’বলৈ গৈ তেওঁ ৰান আউট হোৱাৰ পৰাও কথমপি ৰক্ষা পৰে। শ্ৰীলংকাৰ ফিল্ডাৰে ডাইৰেক্ট হিটেৰে তেওঁক পেভিলিয়নলৈ পঠোৱাৰ সুযোগ পাইছিল যদিও বল উইকেটত নলগাত জুৰেল বাচি যায়। তাৰ পিছতে তেওঁ এটা ৰান লৈ শতক সম্পূৰ্ণ কৰে। শতক সম্পূৰ্ণ কৰাৰ লগে লগে বাওঁহাতৰ টেটু দেখুৱাই তেওঁ উদযাপন কৰে। এই দৃশ্য ছ’চিয়েল মিডিয়াতো ব্যাপকভাৱে চৰ্চিত হয়।
১৭৭ বলত অপৰাজিত ১১৫ ৰান
জুৰেলে অত্যন্ত ধৈৰ্যসহকাৰে বেটিং কৰি ১৭৭টা বলৰ সন্মুখীন হৈ অপৰাজিত ১১৫ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলটোৱে ৩০৭ ৰানত ৬টা উইকেট হেৰুৱাই চাপত থকাৰ সময়ত তেওঁৰ ইনিংছটোৱে দলক শক্তিশালী অৱস্থালৈ লৈ যায়। এই ইনিংছত তেওঁৰ সৈতে গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলে ঋষভ পণ্টে। সপ্তম উইকেটৰ বাবে জুৰেল আৰু পণ্টে ১১২ ৰান যোগ কৰে। পণ্টে আঘাতৰ সৈতে যুঁজি থকাৰ পিছতো আক্ৰমণাত্মক ৬৩ ৰানৰ ইনিংছ খেলি জুৰেলক সহযোগ কৰে।
হাৰ্দিক পাণ্ডিয়াৰ অভিলেখ স্পৰ্শ
জুৰেলৰ এই শতকটোৱে তেওঁক অভিলেখৰ তালিকাতো স্থান দিছে। শ্ৰীলংকাৰ মাটিত টেষ্ট ক্ৰিকেটত ৭ নম্বৰ বা তাৰ তলৰ স্থানত বেটিং কৰি শতক অৰ্জন কৰা ভাৰতীয় বেটছমেনৰ তালিকাত তেওঁ দ্বিতীয়জন। ইয়াৰ পূৰ্বে ২০১৭ চনত পালেকেলে টেষ্টত ৭ নম্বৰত বেটিং কৰি ১০৮ ৰান কৰিছিল হাৰ্দিক পাণ্ডিয়াই। জুৰেলে ১১৫ ৰানৰ অপৰাজিত ইনিংছ খেলি সেই অভিলেখ অতিক্ৰম কৰে। এই শতকটো জুৰেলৰ টেষ্ট কেৰিয়াৰৰ দ্বিতীয় শতক। এতিয়ালৈকে ১২খন টেষ্টত তেওঁ ৬৫১ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ বেটিং গড় ৪০.৬৮। জুৰেলৰ বাবে কলম্বো টেষ্টৰ এই শতক কেৱল এটা ক্ৰিকেটীয় কৃতিত্ব নহয়। ‘জয় জোৱান, জয় কিষাণ’ টেটু দেখুৱাই কৰা তেওঁৰ উদযাপনে ককাক আৰু পিতৃৰ প্ৰতি থকা সন্মান আৰু নিজৰ শিপাৰ সৈতে থকা সম্পৰ্কৰ কথাও প্ৰকাশ কৰিলে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















