কেতিয়াবা বহি থাকিলে বা কাম কৰি থাকিলে আমাৰ হামি আহে। সাধাৰণতে মানুহে বিশ্বাস কৰে যে টোপনিৰ অভাৱ, ভাগৰুৱা, বিৰক্তি আদিয়েই হামি অহাৰ মূল কাৰণ, কিন্তু সঘনাই হামি অহাৰ আন বহু কাৰণো আছে। সেই বিষয়ে জানো আহক…
হাইপোথাইৰয়ডিজম
শৰীৰত প্ৰয়োজনীয় পৰিমাণৰ থাইৰয়ড হৰম’ন উৎপন্ন নোহোৱা অৱস্থা হ’ল হাইপ’থাইৰয়ডিজম। এইটো অন্তঃস্ৰাৱী তন্ত্ৰৰ সমস্যা, য’ত থাইৰয়ড গ্ৰন্থিয়ে পৰ্যাপ্ত পৰিমাণৰ থাইৰয়ড হৰম’ন উৎপাদন নকৰে। ইয়াৰ ফলত অনবৰতে হামি আহিব পাৰে।
টোপনিৰ অভাৱ
ইয়াৰ আটাইতকৈ সাধাৰণ আৰু উল্লেখযোগ্য কাৰণ হ’ল টোপনিৰ অভাৱ। ইয়াৰ ফলত দিনটোৰ ভিতৰত হামি আহি থকাতো অৰিহণা যোগাব পাৰে। সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ শৰীৰক ৭-৮ ঘন্টা টোপনিৰ প্ৰয়োজন। পৰ্যাপ্ত পৰিমাণে টোপনি নাহিলে মেদবহুলতা, ডায়েবেটিছ, হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি টোপনিৰ অভাৱত স্লিপ এপনিয়া নামৰ বিকাৰৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত অনবৰতে হামি আহিব পাৰে।
পাৰ্শ্বক্ৰিয়া
কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও অনবৰতে হামিয়াই থাকিব পাৰে। অত্যধিক হামিয়ালে কোষ্ঠকাঠিন্য, পেট ফুলা, ডায়েৰিয়া, মূৰ ঘূৰোৱা, মুখ শুকান আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে যদি আপুনি ইয়াৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ঔষধ সেৱন নকৰিব।
মানসিক চাপ
মানসিক চাপৰ ফলত শৰীৰৰ কিছুমান ৰাসায়নিক পদাৰ্থ আৰু হৰম’ন বৃদ্ধি পায়। অত্যধিক মানসিক চাপৰ ফলত হামি বাঢ়িব পাৰে।
হৃদযন্ত্ৰৰ সমস্যা
অনবৰতে হামিয়ালে হৃদযন্ত্ৰৰ সমস্যাও হ’ব পাৰে। আচলতে শৰীৰত অক্সিজেনৰ অভাৱ হ’লে তেজৰ চলাচল কৰিবলৈ অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














