অসম লাইভ২৪ঃ নিশা টোপনি যোৱাৰ পূৰ্বে গাখীৰ খোৱাৰ অভ্যাস বহুতৰেই আছে। সকলো বয়সৰ লোকৰ বাবেই গাখীৰ এটি উপকাৰী পানীয়। গাখীৰৰ উপকাৰীতাৰ কথা কমবেছি পৰিমানে সকলোৱে জানে। ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে গাখীৰত বহুকেইবিধ উপাদান আছে। কিন্তু কেৱল গাখীৰ খালেই শৰীৰে বহু কিবা উপাদান লাভ নকৰে। পুষ্টিবিদসকলৰ মতে গাখীৰ খোৱাৰ অভ্যাস সকলোতকৈ স্বাস্থ্যকৰ অভ্যাস।
গাখীৰত কেছিন ট্ৰিপটিক হাইড্ৰলাইছেট নামৰ এবিধ উপাদান থাকে। ইয়াৰ প্ৰভাৱত শৰীৰত ক্লান্তি আৰু মানসিক চাপ দূৰ হয়। টোপনি ভাল কৰাত সহায় কৰে। ইয়াৰোপৰি গাখীৰত এনে কিছু প্ৰটিন থাকে যিয়ে মানসিক উদ্বেগ কমায়। শৰীৰ আৰু মন শান্ত কৰাত সহায় কৰে। ইয়াৰ প্ৰভাৱত নিদ্ৰাহীনতাও দূৰ হয়। কিন্তু গাখীৰৰ সৈতে যদি হালধি মিহলাই খোৱা হয় তেন্তে শৰীৰে আৰু বেছি উপাদান লাভ কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাবৰ বাবে হালধি আৰু গাখীৰ মিহলাই খোৱাটো জৰুৰী। গাখীৰৰ সৈতে জাফৰাণ নামৰ উপকৰণবিধ মিহলাই খালেও শৰীৰে বহু পৰিমানে পুষ্টি লাভ কৰে। প্ৰতি নিশাই নিয়মিতভাৱে এচিকুট জাফৰাণ গৰম গাখীৰত মিহলাই খালে শৰীৰৰ বহু সমস্যাই দূৰ হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ