সনাতন ধৰ্মৰ লোকসকলৰ বাবে পিতৃপক্ষৰ বিশেষ তাৎপৰ্য আছে। এই সময়ছোৱাত পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে তৰ্পন, দান আৰু স্নান আদি শুভ কাম কৰা হয়। বৈদিক পঞ্জিকা অনুসৰি প্ৰতি বছৰে পিতৃপক্ষৰ আৰম্ভণি হয় ভদ্ৰপদ পূৰ্ণিমাৰ দিনটোৰ পৰা, এইবাৰ পূৰ্ণিমা পৰিছে ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰত। ২০২৪ চনৰ ২ অক্টোবৰত পিতৃ অমাৱস্যাৰ দিনা পিতৃ পক্ষৰ অন্ত পৰিব। এই সময়ছোৱাত যিসকলে সম্পূৰ্ণ ভক্তিৰে পূৰ্বপুৰুষক প্ৰাৰ্থনা কৰে, তেওঁলোকৰ পৰিয়ালত কেতিয়াও ধনৰ অভাৱ নহয়। ইয়াৰ উপৰিও বিবাহ আৰু সন্তানসুখ লাভৰ বাটত অহা বাধাবোৰ দূৰ হয়। ইয়াৰ উপৰিও আৰ্তজন আৰু ব্ৰাহ্মণক দান দিয়াৰো এই সময়ত বিশেষ তাৎপৰ্য আছে। দান দিয়াটো শুভ হ’লেও ভুলতো এই ৭সামগ্ৰী দান নকৰিব৷
লোহাৰ সামগ্ৰী
পিতৃপক্ষ পূজাৰ পিছত যদি আপুনি ব্ৰাহ্মণ আৰু আৰ্তজনক বাচন-বৰ্তন দান কৰে তেন্তে ভুলতেও তেওঁলোকক লোহাৰ বাচন দান নকৰিব। লোহাৰ সামগ্ৰী দান কৰিলে পৰিয়ালত অশান্তিৰ সৃষ্টি হয়। ইয়াৰ উপৰিও পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে।
ক’লা কাপোৰ
পিতৃপক্ষৰ সময়ত দুখীয়া মানুহক বহুতেই দান কৰে৷ কিন্তু দান কৰোতে মনত ৰাখিব যে কেতিয়াও যাতে ক’লা কাপোৰ দান নকৰে৷ ক’লা কাপোৰ দান কৰা লোকৰ আৰ্থিক অৱস্থা কেতিয়াও ভাল নহয়। পূৰ্বপুৰুষৰ ক্ষোভৰ বাবে তেওঁলোকৰ ঘৰত সদায় অশান্তিৰ সৃষ্টি হয়।
খাদ্য দিম বুলি নিদিয়াকৈ থকা
বাস্তু শাস্ত্ৰৰ মতে, পিতৃ পক্ষৰ সময়ত কোনো দৰিদ্ৰ ব্যক্তিক খাদ্য খোৱাম বুলি নিদিয়াকৈ নাথাকিব৷ এনে কৰিলে পূৰ্বপুৰুষৰ খং উঠে, যাৰ ফলত ঘৰত দৰিদ্ৰতা আহি পৰে।
পিন্ধা কাপোৰ
সাধাৰণতে বহু মানুহে সেই কাপোৰহে দান কৰে যিবোৰ তেওঁলোকে আৰু পিন্ধিব নিবিচাৰে৷ কিন্তু পিতৃপক্ষৰ পূজাৰ সময়ত কেতিয়াও পিন্ধা কাপোৰ দান নকৰিব৷ এনে কৰিলে পূণ্যৰ সলনি পাপহে হয়। পূৰ্বপুৰুষৰ ক্ৰোধৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে।
চোকা বস্তু
শাস্ত্ৰত কোৱা হৈছে যে কটাৰী, বেজী, কেঁচি আদি চোকা বস্তু দান কৰা লোকসকলৰ ঘৰত সদায় এক দুখৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ উপৰিও অৰ্থনৈতিক পৰিস্থিতিতো বিৰূপ প্ৰভাৱ পৰে৷
প্লাষ্টিকৰ সামগ্ৰী
ধৰ্মীয় বিশ্বাস অনুসৰি প্লাষ্টিকৰ সামগ্ৰী দান কৰা লোকসকলৰ ব্যৱসায়ত নেতিবাচক প্ৰভাৱ পৰে। আৰ্থিক সংকটৰ লগতে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰো সন্মুখীন হ’বলগীয়া হয়।
তেল
শাস্ত্ৰত কোৱা হৈছে যে যিসকলে পিতৃ পক্ষৰ সময়ত তেল দান কৰে, তেওঁলোকৰ ঘৰত কেতিয়াও শান্তি নাথাকে। ইয়াৰ উপৰিও পৰিয়ালৰ লোকসকলেও পূৰ্বপুৰুষৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ